নিউজ ডেস্কঃ
কঠিন পৰিস্থিতিৰ মাজেৰে দিন পাৰ কৰিছে শ্রীলঙ্কাবাসীয়ে। পিছে কৰোনা পৰিস্থিতিৰ বাবে নহয়। বর্তমান ভয়ঙ্কৰ আর্থিক সঙ্কটৰ মাজত আছে সমগ্র দেশ। ইয়াৰ মাজতেই নতুনকৈ কাগজৰ সঙ্কট দেখা দিছে। যাৰ বাবে দেশজুৰি ১০ লক্ষাধিক স্কুলত অনির্দিষ্টকালৰ বাবে বাতিল হৈ গ’ল পৰীক্ষা। সোমবাৰৰ পৰা টার্ম পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল। কিন্তু শনিবাৰে চৰকাৰে ঘোষণা কৰে যে বর্তমান পৰীক্ষা বাতিল কৰা হৈছে।
সূত্রৰ খবৰ মতে, বর্তমান পৰীক্ষাৰ বাবে যিমান পৰিমাণৰ কাগজৰ প্রয়োজন সেয়া যোগান ধৰাৰ ক্ষমতা নাই শিক্ষা বিভাগৰ। কাগজ কিনাৰ বাবে পর্যাপ্ত সংস্থানো নাই। কাগজকে ধৰি সকলোৱে আমদানি কৰি অনা হয় শ্রীলঙ্কালৈ। ইয়াৰ মাজতে শিক্ষা বিভাগৰ দাবী, প্রশ্নকাকত যিসকলে ছপায়, তেওঁলোকৰ ওচৰত পর্যাপ্ত বিদেশী মুদ্রা নথকাত কাগজ মজুত ৰখা নাই। যাৰ ফলত পৰীক্ষা বাতিল কৰাৰ বাহিৰে আৰু কোনো উপায় নাই চৰকাৰৰ।