নিউজ ডেস্কঃ
দেশজুৰি আলোচনাৰ কেন্দ্রবিন্দুত পৰিচালক বিবেক অগ্নিহোত্রীৰ ‘দ্য কাশ্মীৰ ফাইলছ’। প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী অমিত শ্বাহসহ বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্রীসকল ছবিখনৰ প্রশংসাত পঞ্চমুখ হৈছে। এইবাৰ ছবিখনৰ ওপৰত মন্তব্য কৰিলে অভিনেতা আমিৰ খানে।সম্প্রতি ‘আৰআৰআৰ’ ছবিখনৰ প্রচাৰত যোগ দিছে আমিৰ খানে। ‘দ্য কাশ্মীৰ ফাইলছ’ সন্দৰ্ভত সাংবাদিকৰ প্রশ্নৰ উত্তৰত আমিৰ খানে কয়, ছবিখন প্রত্যেকজন ভাৰতীয়ই চোৱা উচিত। আনকি ছবিখন নিৰ্মাণৰ বাবে বিবেক অগ্নিহোত্রীৰ প্রশংসাও কৰে আমিৰে। অভিনন্দন জনাইছে ছবিখনৰ সমগ্র টিম আৰু অভিনেতাসকলক।
‘দ্য কাশ্মীৰ ফাইলছ’ সন্দৰ্ভত আমিৰৰ বক্তব্য, ‘মই নিশ্চিতভাবে ছবিখন চাম, কাৰণ দেশৰ ইতিহাসৰ সৈতে ই জড়িত। কাশ্মীৰত কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত যি নির্মম অত্যাচাৰ চলিছে, সেয়া অত্যন্ত দুখজনক। এনে এটি অধ্যায়ক ছবিখন নিৰ্মাণ হৈছে, যিটো প্রত্যেকজন ভাৰতীয়ই চোৱা উচিত। নিৰাপৰাধী মানুহৰ ওপৰত যি অত্যাচাৰ কৰা হৈছিল সেয়া প্রত্যেকেই মনত ৰখা উচিত।’
আমিৰ খানে লগতে কয়, ‘যিসকলে মনুষ্যত্বক বিশ্বাস কৰে, এই ছবিখনে তেওঁলোকৰ হৃদয় চুই গৈছে। মই অৱশ্যেই ছবিখন চাম। আৰু ছবিখনে ইমান সফলতা লাভ কৰাত মই অত্যন্ত সুখী।’