নিউজ ডেস্কঃ
দক্ষিণ-পশ্চিম চীনত দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন বিমান। ১৩৩ জন যাত্রী আছিল বিমানখনত। প্রাথমিকভাবে অনুমান কৰা হৈছে, এই দুর্ঘটনাত কোনো বাচি থকাৰ সম্ভাবনা ক্ষীণ। ভাৰতীয় সময়মতে সোমবাৰে দুপৰীয়া দুর্ঘটনাৰ খবৰ জানিব পৰা গৈছে।
চীনৰ চৰকাৰী টিভি ছেনেল চিচিটিভিয়ে খবৰটো সম্প্রচাৰ কৰে। দুর্ঘটনাগ্রস্ত বিমানখন চীনৰ যাত্রীবাহী বিমান কোম্পানী চাইনা ইষ্টার্ন পেছেঞ্জাৰৰ বোয়িং ৭৩৭ বিমান। চীনৰ উওজোউ চহৰৰ ওচৰৰ গুয়াংগজি এলেকাত বিমানখন ভূপতিত হোৱা দেখা বুলি জনাইছে চেনেলটোৱে। পাহাৰৰ মাজৰ হাবিৰে আৱৰা এলেকাটোত বিমানখন ভূপতিত হোৱাৰ পিছত তাত জুই লাগি যায়।
চীনৰ চৰকাৰী চেনেলটোৱে জনোৱা মতে, ইতিমধ্যে উক্ত এলেকালৈ উদ্ধাৰকাৰীৰ এটি দল পঠোৱা হৈছে। অৱশ্যে বিমানখনৰ কোনো যাত্রী বাচি আছেনে নাই সেয়া এতিয়াই কোৱা সম্ভব নহয়।