২০২১-২২ বিত্তীয় বৰ্ষত কমিব ‘এমপ্লয়িজ প্রভিডেণ্ট ফাণ্ড চমুকৈ ইপিএফ বা কৰ্মচাৰী ভৱিষ্য নিধিৰ সুত। পিটিআইৰ সূত্র মতে, বৰ্তমানৰ ৮.৫০ শতাংশৰ পৰা এই সুতৰ পৰিমাণ কমি হ’ব ৮.১ শতাংশ। শীঘ্ৰেই বিত্ত মন্ত্ৰালয়ৰ হাতত ইপিএফ কমিটিয়ে এই প্রস্তাৱ জমা দিব বুলি সূত্ৰত প্ৰকাশ।
ইপিএফৰ সুত কমালে মধ্যবিত্ত শ্ৰেণীটো ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে। উল্লেখ্য, ১৯৭৭-৭৮ চনৰ পিছত ইমান তললৈ নমা নাই ইপিএফৰ সুতৰ হাৰ। সেই সময়ত ইপিএফৰ সুতৰ হাৰ আছিল ৮ শতাংশ।