মনোজ কুমাৰ পাঠক:
লংকা : হোজাই আৰক্ষীৰ বৃহৎ সফলতা। হোজাই আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি হোজাইৰ মিলিকবস্তি আৰু নতুন বজাৰৰ পৰা পৃথকে পৃথকে আটক কৰে দুজন ড্ৰাগছ সৰবৰাহকাৰীক।।
আটকাধীন দুজনৰ নাম ক্ৰমে সুগ্ৰীভ প্ৰজাপতি আৰু ৰাজেন্দ্ৰ মাহাতু।দুয়োজনৰ পৰা সাতশ দহগ্ৰাম হিৰ’ইন জব্দ আৰক্ষীৰ।দুয়ো সৰবৰাহকাৰীয়ে ডিমাপুৰৰ পৰা হোজাইলৈ আনিছিল হিৰ’ইন খিনি ।।
জানিব পৰা মতে দুই সৰবৰাহকাৰীয়ে ডিমাপুৰৰ পৰা হোজাইলৈ আনি হিৰ’ইনখিনি হোজাই বিভিন্ন ঠাইলৈ পঠিয়াই চলাই আছিল ৰমৰমীয়া ব্যৱসায় ।।বৰ্তমান দুই আটকাধীনক হোজাই আৰক্ষী থানা ৰাখি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।।