ASSAM TIMES POST
ডিফুঃ কাৰবি আংলঙত পহিলা অক্টোবৰৰ পৰা প্ৰযোজ্য হোৱা মটৰ যান (সংশোধনী) আইন ২০১৯ ক অনুসৰণ কৰি সষ্ঠম হৈ পৰিছে জিলা আৰক্ষী বিভাগ আৰু পৰিবহন বিভাগ ৷
আজি সন্ধিয়া ডিফু-মাঞ্জা পথৰ ফৰেষ্ট অফিচৰ কাষত চলোৱা এক তালাচী অভিযানত কেইবাখনো বাহনৰ গৰাকী আৰু চালকৰ পৰা নতুন যান বাহন (সংশোধনী) আইনৰ অধীনত জৰিমনা আদায় কৰে ৷
আৰক্ষী প্ৰশাসনৰ হৈ তালাচী অভিযানৰ নেতৃত্ব প্ৰদান কৰে জিলা উপ আৰক্ষী অধীক্ষক এন কৰিশ্মা আৰু ডিফু নগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বয়, হাওকাম চাংচং আৰু এম তেৰাঙ (যান-বাহন শাখা) লগতে জিলা পৰিবহন বিভাগৰ সহকাৰী বিষয়া বি ভট্টাচাৰ্য আৰু সংগীয় ষ্টাফে ৷
আনহাতে ডিফুত থকা একমাত্ৰ প্ৰদুষণমুক্ত প্ৰমাণপত্ৰ দিয়া এজেন্সীৰ মেচিনটো বিকল হৈ থকাৰ বাবে যান-বাহনৰ গৰাকী আৰু চালক সকল বিমোৰত পৰিছে বুলি জানিব পৰা গৈছে ৷












