![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে ক’ৰোণা ভাইৰাছত আক্ৰান্তৰ লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৬৩৯৪৪ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৮০৭২ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৯৯৬জন কেৱল কামৰূপ মেট্ৰ’ৰ।তদুপৰি, ৫৫১জন ডিব্ৰুগড়ৰ, ৪৭৪জন কাচাৰৰ আৰু ৪৭০জন যোৰহাটৰ।মঙলবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ১২.৬২ শতাংশ।
আনহাতে,মঙলবাৰৰ দিনটোত মৃত্যু হৈছে ১৬ জন ব্যক্তিৰ৷ উল্লেখ্য যে মঙলবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২৪৪৪জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৪.৩৯ শতাংশ।












