ASSAM TIMES POST
গুৱাহাটীঃ ২১ অক্টোবৰত অনুষ্ঠিতব্য ৰাজ্যৰ চাৰিটা বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনত মাথো এটা সমষ্টিতহে প্ৰতিদ্বন্দ্বিতা কৰিব সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ এআইইউডিএফে। শনিবাৰে দলটোৰ গুৱাহাটীস্থিত সদৰত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰে সাংগঠনিক সাধাৰণ সম্পাদক আমিনুল ইছলামে। সেই অনুসৰি উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগা জনিয়াত দলটোৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰাক্তন বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে। বাকী তিনিটা সমষ্টি ক্ৰমে সোণাৰি, ৰঙাপৰা আৰু ৰাতাবাৰীত দলটোৱে প্ৰতিদ্বন্দ্বিতা নকৰে। ইফালে কংগ্ৰেছৰ সৈতে এআইইউডিএফৰ মিত্ৰতা প্ৰসংগত তেওঁ কয় যে ২০২১ৰ বিধানসভা নিৰ্বাচনত সুস্থ আলোচনাৰ জৰিয়তে উভয়ৰে মিত্ৰতা আশা কৰিব পাৰি।












