ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : নগাঁও জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত আৰক্ষীৰ অভিযান।এম ভি আই হোমেন দাস উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ ।আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই সহযোগী প্ৰনব মহন্ত আৰু বলৱন্ত কৌৰ নামৰ মহিলা কৰ্মচাৰীক।
বাহনৰ যোগ্যতাৰ প্ৰমাণপত্ৰ দিয়াৰ বাবে লৈছিল ৩৫০০০ টকাৰ উৎকোচ।নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত চলিছিল এই অভিযান। এই অভিযানত আৰক্ষীয়ে এম ভি আই হোমেন দাসৰ পৰা নগদ দুই লাখ সাত হাজাৰ টকা জব্দ কৰে।