নিউজ ডেস্কঃ
নাগালেণ্ডৰ গণহত্যাৰ সাত দিন পিছত মন জিলাত প্রতিবাদী সমদলত নামিল স্থানীয় লোকসকল৷ সমদলত অংশগ্ৰহণ দুৰ্ভগীয়া ওটিং গাঁৱৰ বাসিন্দাসকলৰো।
উল্লেখ্য, উক্তদিনাৰ গুলীচালনাৰ ঘটনাত নিহত ১৪ জনৰ ভিতৰত ১২ জনেই ওটিং গাঁৱৰ বাসিন্দা। প্রতিবাদী সমদলত দাবী উঠে, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ক্ষমা খুজিব লাগিব। প্রতিবাদী সমদলৰ নেতৃত্ব দিয়ে নাগালেণ্ডৰ প্রভাৱশালী জনজাতীয় সংগঠন কন্যাক ইউনিয়ন। উত্তৰ-পূবৰ পৰা ‘আর্মড ফ’ৰ্ছেছ স্পেচিয়েল পাৱাৰ এক্ট’ (আফস্পা) প্রত্যাহাৰৰো দাবী তোলা হয়।
শনিবাৰে ইউনিয়নৰ উপ-সভাপতি হোনাং কন্যাকে কয়, ‘‘ঘটনাৰ সুবিচাৰৰ দাবী জনাইছো। আমাক সমবেদনাৰ প্রয়োজন নাই। সত্যক এনেদৰে ওলট-পালট কৰি ব্যক্ত কৰাটো দুর্ভাগ্যজনক। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সংসদত দিয়া বিবৃতি ভুল তথ্যৰে ভৰা। তেওঁ সংসদত কোৱা নিজৰ বক্তব্য অবিলম্বে প্রত্যাহাৰ কৰা উচিত। আমি বিচাৰো, তেওঁ যেন ইয়াৰ বাবে ক্ষমা বিচাৰে। ১৪ জন কন্যাক যুৱকৰ মৃত্যুৰ সুবিচাৰ নেপোৱা পর্যন্ত আমি শান্ত হৈ বহি থাকিব নোৱাৰো।’’