ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

৩ ডিচেম্বৰত চিত্রগৃহলৈ আহিব ‘চন্দ্রাৱলী’

News Desk by News Desk
December 1, 2021
Reading Time: 1 min read
A A
0
৩ ডিচেম্বৰত চিত্রগৃহলৈ আহিব ‘চন্দ্রাৱলী’

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

কোৰোনা মহামাৰীৰ প্রভাৱ ভাৰতবর্ষৰ লগতে অসমটো কিছু সাম কটাৰ ফলত চৰকাৰে ৫০ শতাংশ দর্শকৰ উপস্থিতিৰে চিত্রগৃহসমূহ খোলাৰ অনুমতি প্রদান কৰাটো লাভজনক নহ’লেও চলচ্চিত্র নির্মাতাসকলৰ বাবে আশাব্যঞ্জক পৰিগণিত হৈছে যাৰ পৰিপ্রেক্ষিতত মুক্তিৰ অপেক্ষাত থকা কেইবাখনো অসমীয়া ছবিয়ে এতিয়া চিত্রগৃহত মুক্তিৰ দিন ঘোষণা কৰা দেখা গৈছে । তেনে এখন নির্মাণৰ সকলো দিশ সামৰি মুক্তিৰ অপেক্ষাত থকা পূর্ণদৈর্ঘ্যৰ অসমীয়া ছবি হৈছে ‘চন্দ্রাৱলী’ । শেহতীয়াকৈ গুৱাহাটীৰ জ্যোতি চিত্রবন প্রেক্ষাগৃহত কেইবাগৰাকীও চলচ্চিত্রজগতৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ছবিখনৰ প্রিমিয়াৰ সুকলমে অনুষ্ঠিত হয় ।

এ বি ফিল্ম প্রডাকচনৰ বেনাৰত নির্মিত উক্ত ছবিখনৰ কাহিনী, চিত্রনাট্য, সংলাপ তথা পৰিচালনা যোৰহাট নিবাসী প্রতিস্থিত নাট্যকাৰ, চিত্রনাট্যকাৰ, অভিনেতা তথা পৰিচালক বলীন শর্মাৰ, প্রযোজনা সহায়ক শেৱালি শর্মা, মালামনি গোস্বামী আৰু লীনা শর্মা । পৰিচালকে জানিবলৈ দিয়া মতে, ‘চন্দ্রাৱলী’ ছবিখন মূলতঃ পৰিয়ালকেন্দ্রিক য’ত নৱ-প্রজন্মৰ প্রেম, আদর্শগত সংঘাত প্রস্ফুটিত হ’ব । কলেজৰ এছাম উদণ্ড ছাত্র-ছাত্রীৰ কর্ম-কাণ্ডৰ বিপৰীতে সততাৰে জীৱন গঢ়িবলৈ বদ্ধপৰিকৰ ছাত্র-ছাত্রীৰ মানসিকতা ছবিখনত প্রতিফলিত হ’ব যি নিজৰ পিতৃৰ বিৰুদ্ধেও প্রয়োজনত কঠোৰ হোৱা চৰিত্রটিৰ মাজত দেখা যাব । আকৌ কাহিনীৰ এক ৰহস্যময় দৃশ্য উন্মোচিত হ’ব নায়ক-নায়িকাৰ প্রেমৰ মাজেৰে যিয়ে ছবিখনক এক সুকীয়া মাত্রা প্রদান কৰিব ।

ছবিখনৰ গুৰুত্বপূর্ণ চৰিত্রসমূহ ৰূপায়ন কৰিছে ক্রমে দেৱজিত মজুমদাৰ, ৰাজীৱ গোস্বামী, দিগন্ত বৰুৱা(ৰন্তু), মোহময়ী অভিনেত্রী অমৃতা গগৈ, ৰাতুল শর্মা, অতনু কাশ্যপ, পল ফুকন, মনিষা ৰাগিনী, পৱিত্র বৰুৱা, ৰাজ ভৈৰৱ, জুৰি শর্মা, জেতবন বৰুৱা, দ্বিজেন বৰুৱা, আলোক বৰুৱা, দিব্য ভৰালী, নন্দিতা হাজৰিকা, শশাংক শেখৰ শর্মা, পার্থপ্রতিম বৰুৱা, দীক্ষিতা কলিতা, স্নিগ্ধা বৰুৱা, স্নিগ্ধা মহন্ত, গোলেশ্বৰ বৰা, চঞ্চল জ্যোতি বৰদলৈ, ৰঞ্জন শর্মা, ভাস্কৰ জ্যোতি গোস্বামী, ৰাজদীপ কলিতা, অভিনৱ গোস্বামী, অংকুৰ শইকীয়া, দীপক কলিতা, ৰিতুৰাজ বৰা, পার্থ বৰা, মেঘজ্যোতি গগৈ, অসীমা দাস, পম্পী, অমৰজিত লাহন, উৎপল, বর্ণীল ভাস্কৰ, কৃষ্ণ, অৱিনাশ মেধি, স্নেহা বৰদলৈ আদিয়ে । ছবিখনৰ গীতকেইটিত কণ্ঠ নিগৰাইছে জুবিন গার্গ, সুবাসনা দত্ত, গীতালি আৰু প্রকৃতি শর্মাই, আৱহ-সংগীত পলাশ গগৈৰ । ছবিখনৰ সংগীত ইতিমধ্যে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হৈছে ।

অসম তথা উত্তৰ-পূর্বাঞ্চলৰ বিভিন্ন মনোৰম লোকেচনত ছবিখনৰ দৃশ্যগ্রহণ কৰিছে কৃষ্ণ শ্বাহ-এ, নৃত্য-নির্দেশনা শান্তুমণি শর্মা আৰু উদয় শংকৰ দত্তৰ, সম্পাদনা অসীম শর্মাৰ, সাজসজ্জা প্রতীক শর্মাৰ আনহাতে ৰূপসজ্জা আকাশ গগৈৰ । ছবিখনৰ মুখ্য সহকাৰী পৰিচালক পৱিত্র খাউণ্ড আৰু মৃণাল ডেকা, সহকাৰী পৰিচালক প্রাঞ্জুপ্রিন্স কলিতা আৰু কল্লোল বণিয়া আনহাতে প্রযোজনা নিয়ন্ত্রক চঞ্চলজ্যোতি বৰদলৈ আৰু শশাংক শেখৰ শর্মা । প্রযোজকে জানিবলৈ দিয়া মতে, ছবিখন চলিত বর্ষৰ ৩ ডিচেম্বৰত সমগ্র অসমৰে চলচ্চিত্রগৃহত মুকলি কৰি দিয়া হ’ব । দীর্ঘদিন বিৰতিৰ অন্তত যোৰহাটৰ পৰা নির্মাণ কৰা ছবিখনক লৈ সকলোৱে আশাৰে বাট চাইছে ।

Tags: Featured
Share4Tweet3Send

Related Posts

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
ADVERTISEMENT
Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief
Assam

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

July 29, 2026
50
Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families
Assam

Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

July 29, 2026
50
Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case
National-International

Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

July 29, 2026
50
Assam CM Hails Tiger Conservation Success on International Tiger Day
Assam

Assam CM Hails Tiger Conservation Success on International Tiger Day

July 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

July 29, 2026
Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

July 29, 2026
Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

July 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx