নিউজ ডেক্স:
বিশ্বৰ প্রবীণতম ব্যক্ত বুলি দাবী কৰা হৈছেল তেওঁক। জন্ম হৈছিল ঊনবিংশ শতিকাত। বৰ্তমান উক্ত শতিকাৰ কোনো লোক জীৱিত অৱস্থাত নাই। নাম তেওঁৰ ফ্রান্সিছকা ছুছানো৷ মৰমতে সকলোৱে তেওঁক লোলা ইছকা বুলি মাতিছিল।
১২৪ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।ফিলিপিনছৰ কাবানকালানৰ বাসিন্দা আছিল তেওঁ। স্থানীয় প্রশাসনৰ দাবী, তেওঁ বৰ্তমান বিস্বৰ প্ৰবীণতম ব্যক্তি। গিনিছ ৱর্ল্ড ৰেকৰ্ডে ছেপ্টেম্বৰতেই তেওঁৰ জন্মৰ নথি পৰীক্ষা কৰা আৰম্ভ কৰিছিল। কিন্তু সেয়া শেষ হোৱাৰ পূৰ্বেই গুচি যায় লোলা।
১৮৯৭ চনৰ ১১ ছেপ্টেম্বৰত জন্ম লোলাৰ।
তাৰ এক বছৰ পিছতেই ফিলিপিনছক আমেৰিকাৰ ওচৰত বিক্ৰী কৰি দিয়ে স্পেইনে। লোলাৰ জন্মৰ বছৰতেই প্রথম আইচক্রিম স্কুপ আৱিষ্কাৰ হয়। লোলাই নিজেই তেওঁৰ দীর্ঘায়ুৰ ৰহস্য জনাই গৈছে। বেছি পৰিমাণে পাচলি, অলপ মাংস আৰু গাহৰিৰ মাংস নোখোৱাৰ বাবেই হেনো ইমান বছৰ বাচি আছিল তেওঁ। মদ নোখোৱাটোও হেনো দীর্ঘায়ুৰ অন্যতম কাৰণ। উল্লেখ্য, ১৯৯৭ চনত ১২২ বছৰত মৃত্যু হৈছিল জিন কালমেট। দীর্ঘায়ুৰ ৰেকর্ড ইমান দিনে তেওঁৰ দখলত আছিল।