নিউজ ডেস্কঃ
শতাব্দীৰ দীর্ঘতম চন্দ্রগ্রহণ দৃশ্যমান হ’ব এই মাহতেই। ১৯ নৱেম্বৰত আংশিক এই চন্দ্রগ্রহণ সকলোতকৈ ভালকৈ দেখা যাব উত্তৰ আমেৰিকাৰ পৰা। সেইদিনা সূর্য আৰু চন্দ্ৰৰ মাজত অৱসস্থান কৰিব পৃথিৱীয়ে। পৃথিৱীৰ ছায়া চন্দ্ৰৰ ওপৰত পৰাৰ লগে লগেই গ্রহণ আৰম্ভ হ’ব। জানিব পৰা মতে, উত্তৰ আমেৰিকাত ৩ ঘণ্টা ২৮ মিনিট আংশিক চন্দ্ৰ গ্ৰহণ দৃশ্যমান হৈ থাকিব। এই সময়ত চন্দ্ৰৰ ৯৭ অংশৰ ৰং ৰঙা হ’ব।
প্ৰকৃততে ১৮ আৰু ১৯ দুদিন পৃথিৱীৰ বিভিন্ন সময় মণ্ডলত দেখা যাব এই চন্দ্রগ্রহণ। আমেৰিকাৰ পূব উপকূলত সকলোতকৈ ভালকৈ দেখা যাব নিশা ২টাৰ পৰা পুৱা ৪টা বজা পর্যন্ত। উত্তৰ আমেৰিকাৰ উপৰি দক্ষিণ আমেৰিকা, পূব এছিয়া, প্রশান্ত মহাসাগৰীয় অঞ্চল আৰু অষ্ট্ৰেলিয়াতো দেখা যাব এই মহাজাগতিক দৃশ্য। জানিব পৰা মতে, ২০২১ৰ পৰা ২০৩০ পর্যন্ত পূর্ণগ্রাস, আংশিক আৰু বলয়গ্রাস মিলাই মুঠ ২০টা চন্দ্রগ্রহণ দেখা যাব।
ভাৰতৰ পৰাও এই গ্ৰহণ দেখা যাব যদিও সেয়া অতি সামান্য অংশৰ পৰা আৰু অতি কম সময়ৰ বাবে। উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্রদেশ আৰু অসমৰ পূর্বাংশৰ পৰা চন্দ্ৰ উঠাৰ সময়তেই অলপ সময়ৰ বাবে দেখা যাব। নাছাই জনোৱা মতে, এই মাহতে দেখা যাব ‘ফ্রষ্ট মুন’। শৰতৰ শেষ পূর্ণিমাৰ চন্দ্ৰক কোৱা হয় ফ্রষ্ট মুন। নামটো আহিছে স্থানীয় আমেৰিকান আদিবাসী সম্প্রদায়ৰ পৰা।