ASSAM TIMES POST
গুৱাহাটীঃ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে যে নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক, ২০১৬ গৃহীত কৰিবই, সেই কথা পুনৰ এবাৰ ক’লে গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে।
শেহতীয়াকৈ শিলচৰত অনুষ্ঠিত এক কাৰ্যসূচীত ভাগ লৈ নেতাজনে কেবৰ গৃহীতকৰণক জম্মু-কাশ্মীৰৰপৰা সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিলৰ সৈতে ৰিজনি দিয়ে। তেওঁ কয় যে ইতিমধ্যে চৰকাৰে জম্মু-কাশ্মীৰৰ লোকৰ কথা ভাবি ৩৭০ নং অনুচ্ছেদ বাতিল কৰিলে। ইয়াৰ পূৰ্বে এই আইনখনৰ বাবে জম্মু-কাশ্মীৰবাসীয়ে মুকলি বায়ু সেৱন কৰিব নোৱাৰিছিল। ‘এইবাৰ আমি নাগৰিকত্ব (সংশোধনী) বিধেয়ক গৃহীত কৰিম’ বুলি তেওঁ কয়।
ইয়াৰদ্বাৰা তেওঁ বৰাকবাসীক নিশ্চিন্তে থাকিবলৈ কয়। তেওঁ কয় যে ধৰ্মীয় হিংসাৰ বলি হৈ চুবুৰীয়া ৰাজ্যৰ যিসকল লোকে শৰণাৰ্থী হিচাপে ভাৰতত আছে, তেওঁলোকক ভাৰতৰে নাগৰিকত্ব প্ৰদান কৰা হ’ব। সমান্তৰালভাৱে সদ্য প্ৰকাশিত অসমৰ উন্নীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীটো যিসকল হিন্দু-বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোকৰো চিন্তাৰ কোনো কাৰণ নাই বুলি ৰাম মাধৱে অভয় দিয়ে।