![]()
স্বাস্থ্য প্ৰতিবেদন:
বহুতৰেই ধাৰণা, কাজুবাদাম বেছি মাত্রাত খালে ওজন বাঢ়ে। কাৰণ কাজুত আছে বহু পৰিমাণে ‘ফেট’ বা স্নেহপদার্থ। ই ওজন বৃদ্ধিৰ কাৰণ হৈ উঠে। কিন্তু এই দাবী কিমান সত্য? আচলতে কাজুবাদামে ওজন বৃদ্ধি কৰেনে?
চিকিৎসকে অৱশ্যে ইয়াৰ ওলোটাটো কয়। কাজুত ফেট থাকিলেও, তাক কোৱা হয় ‘গুড ফেট’। মানে, যি স্নেহপদার্থই ওজন বৃদ্ধি নকৰে। ওলোটাই শৰীৰৰ কিছু উপকাৰহে কৰে। বহুতেই পুৱা খালি পেটত চাৰি-পাঁচটা কাজুবাদাম খায়। ইয়াৰ ফলত ওজন বৃদ্ধিৰ আশঙ্কা নাই। বৰং ইয়াৰ ফলত শৰীৰৰ কিছু কিছু উপকাৰ হয়।
* দৈনিক খালি পেটত কাজুবাদাম খালে সকলোতকৈ বেছি উপকাৰ হয় চকুৰ। কাজুত থকা বিশেষ ধৰণৰ এন্টি-অক্সিডেন্ট ৰেটিনাৰ বাবে উপকাৰী। ইয়াৰ ফলত দৃষ্টিশক্তি ভাল হয়। ৰেটিনাৰ বিভিন্ন ধৰণৰ সমস্যাৰ পৰিমাণ কমে।
*দেখা গৈছে যে যিসকলে নিয়মিত কাজুবাদাম খায়, তেওঁলোকৰ হৃদৰোগৰ আশঙ্কা কমে। কাজুৰ বিভিন্ন উপাদানে ৰক্তচাপ নিয়ন্ত্রণত ৰখাত সহায় কৰে। ফলত হৃদযন্ত্রৰ ওপৰত চাপ কমে।
*কাজু খালে কেৱল ৰক্তচাপেই নিয়ন্ত্রণত নাথাকে, ইয়াৰ ফলত ৰক্ত চলাচলৰ হাৰো বাঢ়ে। কাজুত থকা কপাৰে ৰক্ত চলাচল প্রক্রিয়াত সহায় কৰে। ইয়াৰ ফলত ৰোগ প্রতিৰোধ শক্তিও বাঢ়ে।
*কাজুৰ কাৰণে ছালৰ উপকাৰ হয়। ছাল উজ্জ্বল আৰু নমনীয় হয়। কেৱল সেয়ে নহয়, যিসকলে নিয়মিত কাজুবাদাম খায়, তেওঁলোকৰ ছালৰ কেন্সাৰৰ আশঙ্কাও বহু কমি যায়।
* কাজুত থকা ‘ফেট’ বা স্নেহপদার্থৰ প্রভাবত শৰীৰত বিপাকৰ হাৰ বাঢ়ে। ৰক্তচাপ নিয়ন্ত্রণত থাকে। আৰু কোলেষ্টেৰলৰ সমস্যা কমে।













