ASSAM TIMES POST
গুৱাহাটীঃ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুণ বৰাই মঙলবাৰে এপিচিচিৰ উপ-সভাপতি, সাধাৰণ সম্পাদক, সংবাদ বিভাগৰ অধ্যক্ষ, মুখপাত্ৰ আৰু সম্পাদক-মুখপাত্ৰ পদত মুঠ ৮ জন নেতাক নিযুক্তি প্ৰদান কৰে।
সেই অনসৰি উপ সভাপতি হিচাপে ভীমানন্দ তাঁতী, সাধাৰণ সম্পাদক হিচাপে ক্ৰমে বিমল মণ্ডল, বিষ্টি বসুমতাৰী, ডঃ মঞ্জুৰা মোহন কলিতা আৰু অভিজিত হাজৰিকাক নিযুক্তি প্ৰদান কৰা হয়। ইফালে সংবাদ বিভাগৰ অধ্যক্ষ হিচাপে ডঃ ভগীৰথ কৰণক নিযুক্তি দিয়া হৈছে।
অন্যহাতেদি মুখপাত্ৰ হিচাপে দিলীপ শৰ্মা আৰু সম্পাদক-মুখপাত্ৰ হিচাপে ডঃ মংভে ৰংপীক নিযুক্তি প্ৰদান কৰা হয়। এপিচিচিৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰঞ্জন বৰাই এক বিবৃতিত জনোৱা অনুসৰি, শীঘ্ৰে এই নিৰ্দেশ কাৰ্যকৰী হৈছে। সেয়ে উপৰোক্ত সকলোকে ততালিকে দায়িত্ব গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়।












