ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

এখন নাট কৰ্মশালাই এতিয়া ‘ব্যস্ত’ কৰি তুলিছে কেইবাজনো প্ৰশিক্ষাৰ্থীক

ASSAM TIMES POST by ASSAM TIMES POST
September 17, 2019
Reading Time: 1 min read
A A
0
এখন নাট কৰ্মশালাই এতিয়া ‘ব্যস্ত’ কৰি তুলিছে কেইবাজনো প্ৰশিক্ষাৰ্থীক

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Assam Announces Supplementary Exams for Higher Secondary Students

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

বনানী শৰ্মাৰ কলমত ‘আছাম টাইমছ্ প’ষ্ট’ৰ প্ৰতিবেদন

বহুতৰে ধাৰণা আছে এইবুলি, ‘নাটকে ভবাই হে তুলিব পাৰে, জীৱনৰ বাটত আগুৱাই নিব নোৱাৰে।’ কিন্তু উক্ত ধাৰণাক ভুল প্ৰমাণিত কৰিলে এখন নাট্য কৰ্মশালাই। যাৰ জৰিয়তে নাট এখনত অভিনয় কৰাৰ প্ৰায় এমাহমানৰ পিছৰেপৰা তিনিআলি-চাৰিআলিত উদ্দেশ্যহীনভাৱে আড্ডা মাৰি সময় কটোৱা, সমাজৰ চকুত বিশৃংখল কেইবাজনো প্ৰশিক্ষাৰ্থীয়ে এতিয়া অবাবত সময় নষ্ট নকৰে।

fbb9f7d4 1fca 4520 a307 5fc7882a3fdd | ASSAM TIMES POST

তেওঁলোক ব্যস্ত এতিয়া জীৱনত দেখা ‘সপোন’ বাস্তৱায়িত কৰাৰ কামত। গৰমৰ বন্ধত অসমৰ আন আন প্ৰান্তৰ দৰে লখিমপুৰৰ ভিতৰুৱা ঘিলামৰাতো অনুষ্ঠিত হৈছিল নাট্য কৰ্মশালা। কৰ্মশালাখনিত প্ৰশিক্ষক হিচাপে আছিল গোপমণি গগৈ, ফণী শৰ্মা আৰু দীপক কাকতি। ভাওনা আৰু থিয়েটাৰে প্ৰাধান্য পোৱা ঠাইখনত কৰ্মশালাৰ শেষত দৰ্শকক এখন সুন্দৰ নাটক দেখোৱাৰ হেপাঁহতে কৰ্মশালাত ভাগ লোৱা প্ৰশিক্ষাৰ্থী সকলৰদ্বাৰা প্ৰশিক্ষক গোপমণি গগৈৰ ৰচনা আৰু পৰিচালনাৰ ‘এজাক বৰষুণৰ অপেক্ষাত’শীৰ্ষক নাটখনি মঞ্চস্থ কৰা হয়।

fb5df72d 0cdf 482d 88a1 123b1e525313 | ASSAM TIMES POST

নাটকখনৰ জৰিয়তে দৰ্শকক দেখোৱা হৈছিল যে সমাজৰ এচামে বিশেষ একো নাপায়ো পোৱাখিনিৰ মাজত সুখ বিচাৰি লয় আৰু আন এচামে বহুত কিবা-কিবি পায়ো অত্যাধুনিক জীৱন এটাৰ পাছত দৌৰি দৌৰি নিজৰ মূল শিপা পাহৰি প্ৰকৃতি ধংস কৰে। নাটকখনৰ শব্দ-পোহৰ সকলো প্ৰাকৃতিক। দৰাচলতে নাটকখন মঞ্চস্থ কৰা হৈছিল পথাৰত, চাৰিওফালে দৰ্শকৰ মাজত।

5183332b abaf 4a6e 9d01 aae827b40bd5 | ASSAM TIMES POST

নাটকখনত কেইবাটাও জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কালজয়ী কবিতাক খণ্ড-খণ্ডকৈ নাট্যৰূপ দিয়া হৈছিল। নাটকখনত এটা দৃশ্যৰপৰা আন এটা দৃশ্যলৈ যাওঁতে পৰম্পৰাগত সংগীতৰ সুৰ ব্যৱহাৰ কৰা হৈছে। মণিমুগ্ধই ভুলৰ উমান পাই ৰূপালীমক মুক্তি দিয়াৰ দৃশ্যৰে সমাপ্ত কৰা হৈছিল নাটকখন। নাটকখনে লাভ কৰিছিল দৰ্শকৰ বিপুল সঁহাৰি।

65db29e5 1f7b 40d9 b862 30b66d7fc349 | ASSAM TIMES POST

অৱশ্যে নাটকৰ প্ৰকৃত ফলাফল প্ৰশিক্ষক গোপমণি গগৈয়ে এমাহ পিছতহে পাইছিল, যেতিয়া তেওঁলৈ ফোন কৰি কৰ্মশালাত অংশগ্ৰহণ কৰা কেইজনমান প্ৰশিক্ষাৰ্থীয়ে জনালে যে নাট কৰ্মশালাত অংশগ্ৰহণৰ পাছৰেপৰা তেওঁলোকে অনুভৱ কৰিছে এইবুলি জীৱনৰ প্ৰতিটো পল বৰ মূল্যবান। গতিকে অনাহকত সময় নষ্ট নকৰি এতিয়া আগবাঢ়িবৰ চেষ্টা কৰিছে ‘সপোন’ সফল কৰাৰ দিশত।

9e6088db e9e9 49c0 8fba dd1db06a9375 | ASSAM TIMES POST

নাট কৰ্মশালাৰপৰা হোৱা প্ৰশিক্ষাৰ্থীৰ জীৱনৰ এনে পৰিৱৰ্তনে প্ৰশিক্ষকসকলক আনন্দিত আৰু গৌৰৱান্বিত কৰি তুলিছে। পৰৱৰ্তী সময়ত অসমৰ ভিতৰুৱা আন আন ঠাইতো নাট কৰ্মশালা অনুষ্ঠিত কৰি ছাএ-ছাত্ৰীক নাটকৰ বহল জগতখনত আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে গোপমণি গগৈৰ লগতে আন দুজন প্ৰশিক্ষকে।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
ADVERTISEMENT
New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত
National-International

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

June 27, 2026
50
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’
National-International

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

June 27, 2026
50
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা
National-International

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

June 27, 2026
50
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

June 27, 2026
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

June 27, 2026
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx