ASSAM TIMES POST
গুৱাহাটীঃ অহা বৰ্ষৰ ফেব্ৰুৱাৰীত অনুষ্ঠিতব্য আছাম প্ৰিমিয়াৰ লীগ চমুকৈ এপিএলৰ কেইবাখনো গুৰুত্বপূৰ্ণ মেচ বৰাক উপত্যকাৰ শিলচৰত অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

শেহতীয়াভাৱে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শইকীয়াই এই কথা সদৰী কৰিছে। তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আগন্তুক আইপিএলৰ মেচসমূহ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ ওপৰিও অন্য স্থানত অনুষ্ঠিত কৰাৰ চিন্তা কৰিবলৈ অসম ক্ৰিকেট সন্থাক আহ্বান জনাইছিল।
ইয়াৰ পৰিপ্ৰেক্ষিততে সন্থায়ো শিলচৰকে ইয়াৰ বাবে বাছনি কৰিছে বুলি শইকীয়াই সদৰী কৰে।












