![]()
নিউজ ডেস্কঃ
বহির্বিশ্বক শান্তিৰ বাণী শুনাইছে তালিবানে। দেশ চলাবলৈ হিংসা, নিষ্ঠুৰতাৰ আশ্রয় নোলোৱাৰো প্রতিশ্রুতি দিছে। কিন্তু ইয়াৰ মাজতেই তালিবানি অত্যাচাৰৰ নৃশংসতাৰ একাধিক খবৰ আহি আছে। কাবুল দখল কৰাৰ পূৰ্বৰ, ১ আগষ্টৰ এটি ভিডিও শেহতীয়াভাৱে পোহৰলৈ আহিছে। যাক দেখি শিয়ৰি উঠিছে সাধাৰণ লোক৷ ভিডিওটাত প্রকাশ্যে দিনৰ পোহৰতে ৰাস্তাত দুজনক ডিঙিত ৰছীৰে ওলোমাই দিয়ে তালিবানে। এই ঘটনা কাণ্ডাহাৰ প্রদেশৰ।
স্থানীয় বাসিন্দাৰ মতে, লোক দুজনৰ বিৰুদ্ধে এটি শিশুক অপহৰণ কৰাৰ অভিযোগ আছিল। সেয়ে তেওঁলোকক গ্রেপ্তাৰ ডিঙিত ফাঁচি লগাই ওলোমাই দিয়ে। স্থানীয় লোকৰ দাবা, অন্য কোনোবাই যদি এনে ধৰণৰ অপৰধ কৰে তেন্তে তেওঁৰো একেই শাস্তি হ’ব।
https://twitter.com/TarekFatah/status/1421825366465945603
উল্লেখ্য, এদিন পূৰ্বেই ৰাষ্ট্রসংঘৰ মানৱাধিকাৰ বিষয়ক বিভাগৰ প্রধান মিচ্চেল বাছেলেটে কৈছিল যে তালিবানে সাধাৰণ মানুহ আৰু আত্মসমর্পণ কৰা আফগান সেনাসকলক নির্বিচাৰে হত্যা কৰাৰ বিশ্বাসযোগ্য তথ্য তেওঁলোকৰ হাতত আছে। ১ আগষ্টৰ ভিডিওটি প্রকাশ হোৱাৰ পিছত ৰাষ্ট্ৰসংঘৰ বিষয়াসকলৰ উক্ত দাবীকে সত্য প্ৰতিপন্ন কৰিলে৷











