![]()
নিউজ ডেস্কঃ
ই-ভিছা অবিহনে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব আফগান নাগৰিকসকল। বুধবাৰে কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে এই কথা জনাইছে। এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে আফগানিস্তানত নিৰাপত্তা পৰিস্থিতি বিবেচনা কৰিয়েই এই সিদ্ধান্ত লোৱা হৈছে।
ই-ভিছা বাধ্যতামূলক কৰাৰ লগতে আফগান নাগৰিকসকলক আগতে দিয়া সকলো ভিছা বাতিল কৰাৰ কথাও টুইটত জনাইছে গৃহ মন্ত্ৰালয়ে। আফগান নাগৰিকসকলে যাতে জৰুৰী ভিত্তিত ই-ভিছাৰ আবেদন জনাব পাৰে সেই উদ্দেশ্যেই ‘ই-ইমার্জেন্সি এক্স-মিছ (মিছলেনিয়াসছ ভিছা’ ব্যৱস্থা আৰম্ভ হৈছে বিগত সপ্তাহত। আপদকালীন ই-ভিছা প্ৰবৰ্তনৰ বাবে বিশেষ আফগানিস্তান চেলও গঠন কৰা হৈছে।
কিন্তু বর্তমান পৰিস্থিতিত আফগানিস্তানৰ বহু এলেকাতেই ইন্টাৰনেট সংযোগ বিচ্ছিন্ন হৈ পৰিছে। এনে পৰিস্থিতিত আফগান নাগৰিকসকলৰ একাংশই কেনেদৰে ই-ভিছাৰ আবেদন জনাব, তাক লৈ সংশয় সৃষ্টি হৈছে।











