![]()
নিউজ ডেস্কঃ
উদ্ধৱ থাকৰেক চৰ মৰাৰ মন্তব্যৰ ফলত অৱশেষত গ্রেপ্তাৰ কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰানে। আজি দুপৰীয়া ৰানেৰ অন্তর্বর্তী জামিন খাৰিজ কৰে ৰত্নগিৰি আদালতে। উল্লেখ্য, মঙ্গলবাৰে পুৱাৰ পৰাই বিতৰ্কত তোলপাৰ লাগে সমগ্ৰ মহাৰাষ্ট্র জুৰি। ৰাস্তাত নামে শিবসেনাৰ সমর্থক আৰু যুব সেনা দলৰ কর্মীসকল।
উল্লেখ্য, স্বাধীনতা দিৱসৰ চন পাহৰি গৈছিল মুখ্যমন্ত্রী উদ্ধব থাকৰেই। আৰু ইয়াৰ পিছত যোৱা সোমবাৰে মহাৰাষ্ট্রৰ মুখ্যমন্ত্রীক চৰিয়াব বুলি মন্তব্য কৰে ৰানেই। রায়গড়ৰ এক জনসভাত ৰানেই কৈছিল যে মুখ্যমন্ত্রীয়ে স্বাধীনতাৰ বছৰ নজনাটো লজ্জাজনক। তেওঁ যদি তাত থাকিলহেঁতেন তেনেহ’লে মুখ্যমন্ত্ৰীক এটা চৰ মাৰিলে হয় বুলিও ৰানেই কৈছিল।











