![]()
নিউজ ডেস্কঃ
আফগানিস্তানত ইউক্রেইনৰ এখন বিমানক অজ্ঞাত পৰিচয়ৰ ব্যক্তিয়ে অপহৰণ কৰা বুলি ৰাছিয়ান সংবাদ সংস্থা তাছ সূত্রত প্ৰকাশ।
আফগানিস্তানত আবদ্ধ হৈ পৰা ইউক্রেইনবাসীক উদ্ধাৰ কৰিবলৈ দেওবাৰে কাবুলত নামিছিল ইউক্রেইনৰ বিমানখন। তাৰ পৰাই মঙ্গলবাৰে বিমানখনক জোৰ কৰি উৰুৱাই লৈ যোৱা হয় বুলি জানিব পৰা গৈছে। বিমানখনক ইৰানলৈ লৈ যোৱা বুলি ৰাছিয়ান সংবাদ মাধ্যমৰ সূত্রৰ খবৰ। ইউক্রেইন চৰকাৰে বিমান অপহৰণৰ কথাটো স্বীকাৰ কৰিছে।











