![]()
নিউজ ডেস্কঃ
অক্টোবৰতেই কোভিডৰ তৃতীয় ঢৌ শিখৰত উপনীত হ’ব পাৰে। এইবাৰ প্রাপ্তবয়স্কসকলৰ লগতে শিশুসকলৰ মাজতো সংক্রমণ বিয়পাৰ আশঙ্কা আছে। কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ নির্দেশ মানি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ তত্ত্বাৱধানত গঠিত বিশেষজ্ঞসকলৰ এখন কমিটিৰ ৰিপোর্টত এই কথা জনাইছে। ৰিপোর্টটোত কোৱা হৈছে যে দেশত ইতিমধ্যে আৰম্ভ হৈছে কোভিডৰ তৃতীয় ঢৌ। জুলাইৰ শেষ সপ্তাহৰ পৰা দেশত ‘আৰ ভেলু’ ১ৰ ওপৰলৈ উঠি গৈছে। উল্লেখ্য, এজন সংক্রমিতৰ পৰা কিমানজন আক্রান্ত হৈছে, তাক বুজোৱা হয় এই ‘আৰ ভেলু’ৰে।
কোভিডৰ দ্বিতীয় ঢৌৰ ভুলৰ পৰা শিক্ষা লৈ যাতে আৰু সতর্ক হৈ আসন্ন ঢৌৰ মোকাবিলা কৰা হয়, তাৰ পৰামর্শ দিয়া হৈছে। কেন্দ্রীয় গৃহ মন্ত্রালয়ক জমা দিয়া উক্ত ৰিপোর্টে কৈছে যে তৃতীয় ঢৌৰ সময়ত বিপুল সংখ্যক শিশু সংক্রমিত হ’লে তেওঁলোকৰ চিকিৎসাৰ বাবে জন্য যিমান সংখ্যক চিকিৎসক, স্বাস্থ্যকর্মী, চিকিৎসাৰ সৰঞ্জাম আৰু আন্তঃগাঁথনি প্রয়োজন, সেয়া দেশত নাই। এই বিষয়টোৰ ওপৰত বিশেষভাবে দৃষ্টি দিয়াৰ পৰামর্শ দিছে বিশেষজ্ঞসকলৰ কমিটিখনে।











