![]()
স্বাস্থ্য প্ৰতিবেদন:
জীৱন-যাত্রা সম্পর্কে সচেতন নহ’লে এটা বয়সৰ পিছত হৃদৰোগে বাহ ল’ব পাৰে। বিশেষকৈ উচ্চ ৰক্তচাপ, কোলেষ্টেৰল, ডায়েবেটিছ থাকিলে এই বিষয়ত অধিক সতর্ক হোৱাটো জৰুৰী।
কিন্তু এই ক্ষেত্রত আমি ইমানেই অসচেতন যে, এটা বয়সৰ পিছত আমাৰ বেছিভাগৰ মাজতেই হৃদৰোগজনিত কোনো নহয় কোনো সমস্যাই দেখা দিয়ে। আমাৰ পৰিৱর্তিত জীৱন-যাত্রা, অত্যধিক ব্যস্ততা, মানসিক চাপ এইবোৰো কিন্তু হৃদৰোগৰ কাৰণ হ’ব পাৰে। কিন্তু কেইটামান নিয়ম মানি চলিলে হৃদৰোগৰ সম্ভাৱনা এৰাই চলা সম্ভৱ।
খাদ্যাভ্যাসত পৰিৱৰ্তন আনক
মাছ-মাংস যেনেদৰে খায়, তাৰ লগত সপ্তাহত অন্তত কেইদিনমান বেছি পৰিমাণে সেউজীয়া শাক-পাচলি আৰু ফাইবাৰযুক্ত খাদ্য খাওক। এইবোৰ খাদ্যই কোলেষ্টেৰলৰ পৰিমাণ কম কৰে আৰু হৃদৰোগৰ সম্ভাৱনা কমায়। খাদ্য তালিকাত ওটমিল, ব্রাউন চাউল, বিন, মচুৰ দাইল, বাদাম, বিভিন্ন ধৰণৰ ফল ৰাখক।
নিয়ম মতে শৰীৰচর্চা কৰক
ওজন বৃদ্ধি পোৱা বা ওবেচিটিৰ দৰে সমস্যাৰ পৰাও কিন্তু হৃদৰোগৰ আশঙ্কা থাকে। সেয়ে এইবোৰৰ পৰা দূৰৈত থাকিবলৈ নিয়মিত শৰীৰচর্চা কৰক। ইয়াৰ লগতে খোজকঢ়াটোও জৰুৰী। একেৰাহে খোজকঢ়াৰ সময় নাপালেও পুৱা, দুপৰীয়া আৰু নিশা খাদ্য খোৱাৰ আধা ঘণ্টা আগতে খোজকাঢ়ক। কিন্তু প্রতিদিনে নিয়ম মানি কৰিব লাগিব। খোজকঢ়াৰ সময়ত হাতত ফিটনেছ ট্ৰেকাৰ পিন্ধি ল’ব, যাৰ দ্বাৰা কিমান খোজকাঢ়িছে বা কিমান কেলৰি সৰিছে তাত দেখা যাব।
নিশা ভালদৰে শোৱক
নিশা ঠিক মতে টোপনি নহ’লে কিন্তু হৃদৰোগৰ সম্ভাৱনা বাঢ়ে। ফলত স্ট্রোক, হার্ট ফেইল কৰা ইত্যাদি সমস্যাই দেখা দিব পাৰে। নিয়মিত যদি ঠিক মতে টোপনি নহয়, তেনেহ’লে ৰক্তত অক্সিজেন সৰবৰাহ ভালদৰে নহয়। ফলত শৰীৰে তেতিয়া স্ট্রেছ হৰমোন নিঃসৰণ ঘটায়, যাৰ ফলত হৃদৰোগৰ আশঙ্কা থাকে।
মানসিক উদ্বেগ কমাওক
পাৰিপার্শ্বিক পৰিস্থিতিৰ কাৰণে বিভিন্ন বিষয়ত আমি অত্যধিক চাপত থাকো। ফলত হৃদৰোগৰ সম্ভাৱনাতো বাঢ়েই, তাৰ লগতে উচ্চ ৰক্তচাপ, বেছি খোৱা, ধূমপান, টোপনিৰ সমস্যা, ক্লান্তি দেখা দিয়ে। সেইবাবে কোনো ধৰণৰ মানসিক চাপ বা উদ্বেগক প্রশ্রয় নিদিয়াৰ চেষ্টা কৰক। মনঃসংযোগ বৃদ্ধি কৰিবলৈ ধ্যান কৰিব পাৰে। কিতাপ পঢ়া বা গান শুনাৰ অভ্যাস থাকিলে সেইবোৰেও চাপমুক্ত কৰাত সহায় কৰে।
ধূমপানৰ অভ্যাস এৰক
ধূমপান কৰিলে হৃদযন্ত্রৰ ধমনী সংলগ্ন কোষবোৰ ক্ষতিগ্রস্ত হয়, আনকি ৰক্ত গোট মাৰে। অতিৰিক্ত ধূমপান কৰিলে বাঢ়ে হৃদস্পন্দনো। সেয়ে হৃদৰোগৰ পৰা দূৰৈত থাকিবলৈ ধূমপানৰ অভ্যাস ত্যাগ কৰক৷













