![]()
নিউজ ডেস্কঃ
পর্ন-কাণ্ডৰ মাজতেই উত্তৰ প্রদেশত ধন আত্মসাতৰ অভিযোগ উঠিল অভিনেত্রী শিল্পা শেট্টি আৰু তেওঁৰ মাতৃ সুনন্দা শেট্টিৰ বিৰুদ্ধে। লক্ষ্ণৌত তেওঁলোকৰ বিৰুদ্ধে দাখিল হৈছে অভিযোগ।
শিল্পা আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে মুঠ দুটা গোচৰ ৰুজু হৈছে লক্ষ্ণৌত। হজৰতগঞ্জ থানাত এটি গোচৰ ৰুজু কৰিছে জ্যোৎস্না চৌহান নামৰ এগৰাকী মহিলাই। ৰোহিত বীৰ সিং নামৰ এজন ব্যক্তিয়ে বিভূতি খন্দ থানাত আৰু এটি বিত্তীয় প্রতাৰণাৰ অভিযোগ দাখিল কৰিছে। গোচৰ দুটা ৰুজু হোৱাৰ পিছতে অধিক তৎপৰ হৈ উঠিছে লক্ষ্ণৌ আৰক্ষী। দুয়োখন থানাৰ পৰাই শিল্পা আৰু তেওঁৰ মাতৃলৈ জাননী পঠিওৱা বুলি জানিব পৰা গৈছে৷ শীঘ্রেই তেওঁলোকক জেৰা কৰা হ’ব।
লক্ষ্ণৌ আৰক্ষীৰ ডিচিপি (পূব) সঞ্জীৱ সুমনে কোৱা মতে, সোমবাৰেই লক্ষ্ণৌ আৰক্ষীৰ এটি দল মুম্বাইৰ উদ্দেশ্যে ৰাওনা দিছে শিল্পা আৰু তেওঁৰ মাতৃক জেৰা কৰিবলৈ। গোচৰটি উচ্চস্তৰীয় বাবে সকলো বিষয় তদন্ত কৰি চাই পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও তেওঁ জনাইছে৷
আৰক্ষী সূত্র মতে, ‘আইঅ’ছিছ ৱেলনেছ চেণ্টাৰ’ নামৰ এটি কোম্পানী চলাইছিল শিল্পাই। উত্তৰ প্রদেশত বিভিন্ন স্থানত শৰীৰচর্চা কেন্দ্রৰ শাখাও আছে তেওঁৰ। উক্ত কোম্পানীৰ চেয়াৰমেন শিল্পা নিজে। আৰু সঞ্চালক হৈছে তেওঁৰ মাতৃ। তেওঁলোকৰ বিৰুদ্ধে অভিযোগ, আৰু একাধিক স্থানত কোম্পানীৰ শাখা খোলাৰ নামত বহু মানুহৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰিছিল তেওঁলোকে।











