ASSAM TIMES POST
গুৱাহাটীঃ অসম ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালক প্ৰধান হিচাপে বৃহস্পতিবাৰে দায়িত্বভাৰ গ্ৰহণ কৰে ভাৰতীয় তথ্য সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ওনকাৰমল কেডিয়াই। কেডিয়াই চলিত বৰ্ষৰ ৩১ জানুৱাৰীত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ বিশেষ সঞ্চালক প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।
ইয়াৰ পূৰ্বে তেওঁ ৫ বছৰ ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ যুটীয়া সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বৰপেটাত জন্মগ্ৰহণ কৰা কেডিয়াই ইয়াৰ মহাবিদ্যালয়ৰপৰাই স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল।
উল্লেখ্য অসম ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালক প্ৰধান হিচাপে কেডিয়াৰ কাৰ্যকালতে ২০২০ চনৰ জানুৱাৰীত গুৱাহাটীত খেলো ইণ্ডিয়া গেমছ অনুষ্ঠিত হ’ব। তেওঁ ১৯৮৫ চনত ভাৰতীয় তথ্য সেৱালৈ নিৰ্বাচিত হৈছিল।












