ASSAM TIMES POST
মুম্বাইঃ বলিউডৰ মোহময়ী অভিনেত্ৰী উৰ্মিলা মটণ্ডকাৰে মঙলবাৰে কংগ্ৰেছ ত্যাগ কৰে।
যোৱা লোকসভা নিৰ্বাচনত অভিনেত্ৰীগৰাকীয়ে মুম্বাই উত্তৰ সমষ্টিৰপৰা দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও পৰাজয় বৰণ কৰে। সম্প্ৰতি অভিনেত্ৰীগৰাকীৰ পদত্যাগ পত্ৰখনক লৈ চৰ্চা চলিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত।
অভিনেত্ৰীগৰাকীয়ে কংগ্ৰেছ ত্যাগৰ কাৰণ হৈছে মহাৰাষ্ট্ৰ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই তেওঁক কৰি অহা অৱহেলাৰ সমান্তৰালভাৱে কংগ্ৰেছৰ প্ৰচাৰ কোষৰো তেওঁৰ প্ৰতি অমনোযোগিতা।
জানিব পৰামতে, গত লোকসভা নিৰ্বাচনত কংগ্ৰেছে তেওঁক ষ্টাৰ কেম্পেইনাৰ হিচাপে মনোনীত নকৰাৰ কাৰণেই কংগ্ৰেছ ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।