ASSAM TIMES POST
গুৱাহাটীঃ অহা ২৭ ছেপ্টেম্বৰৰপৰা কাটাৰৰ ডোহাত অনুষ্ঠিতব্য বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ বাবে ঘোষণা কৰা ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈছে অসম কন্যা হিমা দাস। হিমাই ইয়াত মহিলাৰ ৪x৪০০ মিটাৰ ৰীলে আৰু ৪x৪০০ মিটাৰ মিক্সড ৰীলেত ভাগ ল’ব। উল্লেখ্য যে ২০ বছৰ অনূৰ্ধ্ব বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ আৰু তাৰ পাছত এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰা হিমা দাসে কিন্তু প্ৰতিযোগিতাখনৰ ব্যক্তিগত শাখাত যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে। মন কৰিবলগীয়া যে ইয়াত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটো ২৫ জনীয়া।













