![]()
নিউজ ডেস্কঃ
কৃষ্ণাঙ্গ জর্জ ফ্লয়েড হত্যা গোচৰত আৰক্ষী বিষয়া ডেৰেক চৌভিনক ২২ বছৰ ৬ মাহৰ কাৰাদণ্ড বিহিলে আমেৰিকাৰ মিনেছোটা প্রদেশৰ মিনিয়াপোলিছ আদালতে।
উল্লেখ্য, চলিত বছৰৰ এপ্রিলত ১২ সদস্যৰ জুৰি বোর্ডে অভিযুক্ত প্রাক্তন আৰক্ষী বিষয়া ডেৰেকক দ্বিতীয়–ডিগ্রী অনিচ্ছাকৃত হত্যা, তৃতীয়–ডিগ্রী হত্যা আৰু দ্বিতীয়–ডিগ্রী নৰহত্যাত দোষী সাব্যস্ত কৰে। মিনেছোটাৰ আইনত এনে অপৰাধৰ ক্ষেত্রত সর্বোচ্চ ৪০ বছৰ জে’ল হ’ব পাৰে। তদন্তকাৰী সংস্থাটোৰ তৰফৰ পৰা চৌভিনৰ ৪০ বছৰৰ শাস্তিৰ আবেদন জনোৱা হ’লেও ন্যায়াধীশ পিটাৰ কাহিলে সেয়া খাৰিজ কৰে। অৱশ্যে এই ক্ষেত্রত অপৰাধীৰ প্রতি কোনো সহমর্মিতা দেখুওৱা হোৱা নাই বুলি তেওঁ জনায়। শুক্রবাৰে শাস্তি ঘোষণাৰ পিছত ন্যায়াধীশে কয়, ‘কোনো জনমতৰ বশৱর্তী হৈ মই এই ৰায় ঘোষণা কৰা নাই। কোনো বার্তা দিয়া মোৰ উদ্দেশ্য নহয়। এজন ট্রায়েল কোর্টৰ ন্যায়াধীশৰ কাম হৈছে প্রতিটো গোচৰ খুঁটি-নাটি মাৰি তথ্য-প্রমাণ পৰীক্ষা কৰি বিশ্লেষণ কৰা আৰু সেইমতে ৰায়দান কৰা। মই মোৰ কাম কৰিছো।’ শাস্তি ঘোষণাৰ সময়ত আদালতত উপস্থিত আছিল ফ্লয়েডৰ পত্নী আৰু চৌভিনৰ মাতৃ।
উল্লেখ্য, ২০২০ চনৰ ২৫ মে’ত মিনিয়াপোলিছৰ এখন দোকানলৈ গৈছিল ৪৬ বছৰীয়া ফ্লয়েড। অভিযোগ, দোকানত এখন ২০ ডলাৰৰ জাল নোট চলোৱাৰ চেষ্টা কৰিছিল তেওঁ। খবৰ পোৱা মাত্ৰে আৰক্ষী আহে। দোকানৰ সন্মুখত ফ্লয়েডক আবদ্ধ কৰে চৌভিনসহ তিনি আৰক্ষীয়ে। তাৰ পিছত তেওঁক মাটিত পেলাই আঁঠুৰে তেওঁৰ ডিঙি চেপি ধৰে চৌভিনে। প্রায় চাৰে ৯ মিনিট এনেদৰে ফ্লয়েডক চেপি ধৰি ৰাখিছিল তেওঁ। সেই সময়ত বাৰম্বাৰ ‘নিশ্বাস ল’বলৈ পৰা নাই’ বুলি কৈ কৈ মুখৰ মাত নোহোৱা হৈ গৈছিল ফ্লয়েডৰ। কিন্তু তেওঁৰ কথাত কর্ণপাত কৰা নাছিল চৌভিন বা অন্য আৰক্ষী কেইজনে। পিছত অজ্ঞান অৱস্থাত হস্পিটেললৈ লৈ যোৱাত ফ্লয়েডক মৃত ঘোষণা কৰা হয়। আৰক্ষীয়ে ফ্লয়েড পলাবলৈ চেষ্টা কৰাত তেনে কৰা বুলি দাবী কৰিছিল৷ কিন্তু সেই দাবী মিছা প্রমাণিত হয় এগৰাকী কিশোৰীয়ে তোলা ভিডিওত। তাৰ পিছতেই অভিযুক্তিৰ শাস্তিৰ দাবীত আমেৰিকাত আৰম্ভ হয়।











