![]()
নিউজ ডেস্কঃ
পূর্ব নির্ধাৰিত সূচী মতে, অহা ৩০ জুনত পেন কার্ড আৰু আধাৰ কার্ড যুক্ত কৰাৰ সময়সীমা শেষ হ’ব। কিন্তু কেন্দ্রীয় বিত্ত ৰাজ্যিক মন্ত্রী অনুৰাগ ঠাকুৰে জনাইছে, উক্ত সময়সীমা আৰু ৩ মাহ বৃদ্ধি কৰা হ’ব। কোভিড অতিমাৰিৰ কাৰণেই এই পদক্ষেপ বুলি তেওঁ জনাইছে।
পেন-আধাৰ লিঙ্কৰ পদ্ধতিগত চৰকাৰী নির্দেশনাও দিছে বিত্ত মন্ত্ৰালয়ে। তাত কোৱা হৈছে, আয়কৰ বিভাগৰ অফিচিয়েল ৱেবছাইট www.incometax.gov.in-ত গৈ ‘আৱাৰ ছার্ভিচ’ ‘অপচন’ত যাব লাগিব। তাত গৈ গিয়ে ‘লিঙ্ক আধাৰ’ বিকল্পত ক্লিক কৰিব লাগিব আৰু আধাৰ কার্ড আৰু পেন কার্ড সম্পর্কিত যাৱতীয় তথ্য দিব লাগিব।











