![]()
নিউজ ডেস্কঃ
টুইটাৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কৰিলে কেন্দ্রীয় তথ্য-প্রযুক্তি মন্ত্রী ৰবিশঙ্কৰ প্রসাদে। তেওঁৰ অভিযোগ, অতিকমেও এক ঘণ্টা তেওঁৰ একাউন্ট ব্যৱহাৰ কৰিব দিয়া নাই টুইটাৰে। টেলিভিছন বিতর্কৰ ভিডিও পোষ্ট কৰাত কপিৰাইট আইন উলঙ্ঘন হোৱা বুলি অজুহাত দেখুৱাই টুইটাৰ একাউন্ট ব্যৱহাৰ কৰিব দিয়া নাই বুলি দাবী কৰিছে ৰবিশঙ্কৰে।
উল্লেখ্য, নতুন ডিজিটেল বিধিক লৈ টুইটাৰৰ সৈতে সঙ্ঘাত অব্যাহত আছে কেন্দ্রীয় চৰকাৰৰ। সাম্প্রদায়িক অশান্তিত ইন্ধন যোগোৱাৰ অভিযোগত ইতিমধ্যে দেশত আইনী ৰক্ষাকবচ হেৰুৱাইছে টুইটাৰে।
উল্লেখ্য, এমাহমান আগতে মন্ত্রী ৰবিশঙ্কৰ প্রসাদে জনাইছিল যে ভাৰতৰ আইনক সম্মান কৰিব লাগিব টুইটাৰে। তাৰ লগতে দেশৰ সার্বভৌমত্বক লৈও কোনো আপোচ কেন্দ্রীয় চৰকাৰে নকৰে বুলিও তেওঁ স্পষ্টকৈ কৈছিল।











