![]()
নিউজ ডেস্কঃ
মুম্বাইত প্ৰায় ২০০০ জনক ভুৱা টীকা দিয়া হৈছে। কলকাতাত এনে ধৰণৰ ঘটনা ঘটিছে ৫০০ জনৰ সৈতে, যিসকলৰ ভিতৰত আকৌ বেছি সংখ্যকেই প্রতিবন্ধী। মুম্বাই আৰক্ষীয়ে জনোমা মতে, প্ৰায় ২০০০ লোকক টীকাৰ নামত চেলাইন মিশ্রণ দিয়া হৈছে। এই ঘটনাত এই পর্যন্ত গ্রেপ্তাৰ হৈছে ১০ জন। তাৰ ভিতৰত এখন ব্যক্তিগত হস্পিটেলৰ মালিক তথা চিকিৎসক দম্পতিও আছে। ডঃ শিৱৰাজ আৰু নীতা পাটাৰিয়া নামৰ দম্পতিয়ে কান্দিভেলি এলেকাত শিৱম নামৰ এখন হস্পিটেল চলায়। তেওঁলোকৰ বিৰুদ্ধে একাধিক ভুৱা টীকাকৰণ কেম্পৰ লগতে ভুৱা টীকা যোগানৰ অভিযোগ আছে।
আনহাতে, কলকাতা চহৰতো ভুৱা টীকাৰ ঘটনা ঘটিছে। নিজকে জেনেটিক্স বিদ্যাত মাষ্টাৰ ডিগ্ৰী পোৱা বুলি দাবী কৰা এজন ব্যক্তিক গ্রেপ্তাৰ কৰা হৈছে। প্রায় ৮টা ভুৱা টীকাকৰণ কেম্প চলোৱাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে। মুঠ ৫০০ জনৰ ভিতৰত ২৫০ জনমান প্রতিবন্ধী আৰু তৃতীয় লিঙ্গৰ মানুহক প্রতাৰণা কৰা বুলি জানিব পৰা গৈছে। আনকি ইয়াৰ পৰা বাদ পৰি যোৱা নাই অভিনেত্রী সাংসদ মিমি চক্রৱর্তীও৷ তেওঁৰ সন্দেহ হোৱাত আৰক্ষীক খবৰ দিয়ে। তাৰ পৰাই কেঁচু খান্দোতে সাপ ওলায়।











