![]()
নিউজ ডেস্কঃ
এক আশ্বৰ্যকৰ বিষয়! সপোনত হেনো বাৰম্বাৰ ধর্ষণ কৰিছে এজন তান্ত্রিকে। আৰু এই অভিযোগ লৈ আৰক্ষীৰ দ্বাৰস্থ হ’ল এগৰাকী মহিলা। ঘটনাটি ঘটিছে বিহাৰৰ ঔৰঙ্গাবাদ জিলাৰ কুডৱা থানা এলেকাত। কেইমাহমানৰ আগতে মহিলাগৰাকীৰ পুত্ৰ গুৰুতৰভাবে অসুস্থ হৈ পৰে। আৰু তাৰ পিছতেই পুত্ৰক লৈ তান্ত্রিক প্রশান্ত চতুর্বেদীৰ ওচৰ চাপে মহিলাগৰাকী।
তান্ত্রিকজনে কিছু মন্ত্র পঢ়ি বহুতো নিয়ম মানি চলাৰ নির্দেশ দিয়ে। কিন্তু তাতো কাম নহয়। ১৫ দিন পিছত সন্তানটিৰ মৃত্যু হয়। তাৰ পিছত তান্ত্রিকজনৰ ওচৰলৈ গৈ পুত্ৰৰ মৃত্যুৰ কাৰণ জানিব বিচাৰে মহিলাগৰাকীয়ে। অভিযোগ মতে, উক্ত দিনাই তেওঁক ধর্ষণ কৰাৰ চেষ্টা কৰিছিল তান্ত্রিকজনে। কিন্তু কোনো প্রকাৰে ৰক্ষা পৰে।
মহিলাগৰাকীৰ অভিযোগ, ইয়াৰ পিছৰ পৰাই চতুর্বেদী তেওঁৰ সপোনলৈ আহে আৰু বাৰম্বাৰ তেওঁক ধর্ষণ কৰে। আৰক্ষীক অভিযোগ জনোৱাৰ পিছত তান্ত্রিকজনৰ সন্ধান কৰা হয়। তান্ত্রিকজনৰ সন্ধান পোৱাত জেৰা কৰাত তেওঁ মহিলাগৰাকীক চিনিয়েই নাপাওঁ বুলি কয়। অৱশ্যে উপযুক্ত তথ্য-প্রমাণ নথকাত তান্ত্রিকজনক পিছত এৰি দিয়া হয়।











