নিউজ ডেস্কঃ
বজাৰলৈ আহিবলৈ ওলাইছে ৰিলায়েন্স জিওৰ নতুন স্মার্টফোন ‘জিওফোন নেক্সট’। কোম্পানীটোৰ চেয়াৰমেন মুকেশ আম্বানিয়ে বৃহস্পতিবাৰে এই ঘোষণা কৰে। তেওঁ জনাইছে, ইয়াৰ বাবে গুগল আৰু জিও চুক্তিবদ্ধ হৈছে। দুয়োটা কোম্পানী লগ হৈ নিৰ্মাণ কৰা হৈছে এই নতুন স্মার্টফোন।
বৃহস্পতিবাৰে আম্বানিয়ে কয়, ‘‘ভাৰতত এতিয়াও ৩০ কোটি গ্রাহক আছে যিসকলে আর্থিক সমস্যাৰ ফলত ৪জি স্মার্টফোন ব্যৱহাৰ কৰিব পৰা নাই। ফলত তেওঁলোকে ২জি স্মার্টফোন ব্যৱহাৰ কৰিবলগা হয়। তাত বিভিন্ন সমস্যা হয়। সেয়ে গ্রাহকসকলৰ কথা ভাবিয়েই সুলভ মূল্যত ৪জি স্মার্টফোন অনাৰ উদ্যোগ লৈছে জিওই। এই কামত আমাক সহায় কৰিছে গুগলে। আমি ২জিমুক্ত ভাৰত গঢ়াৰ আহ্বান জনাইছো। যোৱা বছৰ মই আৰু সুন্দৰ পিচাইয়ে এই বিষয়ত আলোচনা কৰিছিলো। সেই কামতেই আমি অগ্ৰসৰ হৈছো।’’
আম্বানিয়ে জনোৱা মতে, অহা ১০ ছেপ্টেম্বৰ, গণেশ চতুর্থীৰ দিনাৰ পৰা ভাৰতত উপলব্ধ হ’ব জিওফোন নেক্সট।
কি কি সুবিধা পোৱা যাব এই জিওফোন নেক্সটত?
এই প্রসঙ্গত আম্বানিয়ে কয়, ‘‘স্মার্টফোনৰ সকলো ধৰণৰ সুযোগ-সুবিধা পোৱা যাব এই ফোনত। গুগল আৰু জিওৰ সকলো ধৰণৰ এপ্লিকেচন, প্লে-ষ্টোৰ প্রভৃতি সুবিধা পোৱা যাব। এই ফোনৰ মূল্যও হ’ব অতি কম। অর্থাৎ সকলো গ্রাহকেই এই ফোন ব্যৱহাৰ কৰিব পাৰিব। ভাৰতত এই ফোন আৰম্ভ হোৱাৰ পিছত লাহে লাহে অন্যান্য দেশৰ বজাৰলৈ লৈ যোৱা হ’ব জিওফোন নেক্সট।’’