![]()
নিউজ ডেস্কঃ
বিশ্বৰ ৮৫খন দেশত সংক্রমণ বিয়পি পৰিছে কৰোনাৰ ডেল্টা প্ৰজাতিৰ। আগন্তুক দিনত এই প্ৰজাতিয়েই বিশ্বজুৰি তাণ্ডৱ চলাব বুলি সতর্কবাণী দিছে বিশ্ব স্বাস্থ্য সংস্থাই (হু)।
২২ জুনত অতিমাৰি সংক্রান্তীয় এক সাপ্তাহিক ৰিপোর্ট প্রকাশ কৰিছে হুই। উক্ত ৰিপোর্টত কোৱা হৈছে, কৰোনাৰ আলফা প্ৰজাতি পোৱা গৈছে ১৭০খন দেশত। বিটা ১১৯খনত, ৭১খন দেশত কৰোনাৰ গামা আৰু ডেল্টা প্ৰজাতি পোৱা গৈছে ৮৫খন দেশত।
আনহাতে, কৰোনাৰ আলফা, বিটা আৰু গামা প্ৰজাতিৰ তুলনাত ডেল্টা ৰূপৰ সংক্রমণ ক্ষমতা বহু বেছি হোৱাত বিশ্বজুৰি পুনৰ এই প্রজাতিক কেন্দ্ৰ কৰি আতঙ্কৰ পৰিবেশ সৃষ্টি হৈছে।
ডেল্টা প্ৰজাতিয়ে বিশ্বজুৰি তাণ্ডৱ চলাব পাৰে৷ এই আশঙ্কাতেই সতর্কবাণী জাৰি কৰিছে হুই।











