![]()
নিউজ ডেস্কঃ
৩১ জুলাইৰ ভিতৰত ৰাজ্যসমূহৰ বোর্ডবোৰে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল প্রকাশ কৰিব লাগিব৷ বৃহস্পতিবাৰে এই নির্দেশ দিয়ে ছুপ্রিম কোর্টে। লগতে কেনেদৰে শিক্ষাৰ্থীসকলক মূল্যায়ন কৰা হ’ব সেয়া আগন্তুক ১০ দিনৰ ভিতৰত চূড়ান্ত কৰিবলৈও কোৱা হৈছে। উল্লেখ্য, পৰীক্ষা বাতিল হোৱাৰ ফলত পূর্বৱর্তী ফলাফল আৰু স্কুলৰ নিজস্ব পৰীক্ষাৰ ওপৰত নির্ভৰ কৰিয়েই দ্বাদশ শ্ৰেণীৰ ফলাফল নির্ধাৰণ কৰা হ’ব। কিন্তু কেনেদৰে সম্পূৰ্ণ প্রক্রিয়া সম্পন্ন হ’ব, সেয়া অহা ১০ দিনৰ ভিতৰত স্পষ্ট কৰিব লাগিব বুলি নির্দেশ দিলে ছুপ্রিম কোর্টে।
অৱশ্যে আদালতে এয়াও কৈছে যে বিভিন্ন ৰাজ্যৰ পৃথক পৃথক বোর্ডৰ ক্ষেত্রত এটি নির্দিষ্ট মূল্যায়ন পদ্ধতি ঠিক কৰাটো সম্ভৱ নহয়। আদালতে কয়, ‘‘সকলো ৰাজ্যৰ বোর্ডবোৰে মূল্যায়নৰ একেই নিয়ম মানি চলিব লাগিব বুলি আমাৰ তেনে কোনো নির্দেশ নাই। সমগ্ৰ দেশত একেই নিয়মত মূল্যায়ন কৰা সম্ভৱ নহয়।’’
উল্লেখ্য, বিভিন্ন ৰাজ্যৰ বোর্ডবোৰৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিলৰ বাবে স্পষ্ট নির্দেশ বিচাৰি ছুপ্রিম কোর্টত আবেদন কৰিছিল এগৰাকী অধিবক্তাই। তাৰ মাজতেই একাধিক ৰাজ্যই দ্বাদশৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত ঘোষণা কৰে। যিবোৰ ৰাজ্যই পৰীক্ষা বাতিল কৰিছে, সেইবোৰৰ বাবেই আদালতৰ এই স্পষ্ট নির্দেশ।











