নিউজ ডেস্কঃ
২০২০-২০২১ বিত্তীয় বর্ষত সৰ্বাধিক ৮ হাজাৰ ১৭২ কোটি ডলাৰ বিদেশী বিনিয়োগ আহিছে ভাৰতলৈ৷ ভাৰতীয় মুদ্রাত ইয়াৰ পৰিমাণ হ’ব প্রায় ৫ লাখ ৯২ হাজাৰ ২৮৩ কোটি টকা। আনহাতে, ৰাজ্য হিচাবত গুজৰাটলৈ সৰ্বাধিক ২ লাখ ১৯ হাজাৰ ৯৮ কোটি টকাৰ বিদেশী বিনিয়োগ আহিছে। কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রালয়ৰ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগে দাঙি ধৰা পৰিসংখ্যাত এই তথ্য প্ৰকাশ। বিদেশী বিনিয়োগত একেৰাহে ৪ বছৰ শীর্ষত থকা ৰাজ্যখনত দেশৰ মুঠ বিদেশী বিনিয়োগৰ ৭৮ শতাংশ হৈছে।
কম্পিউটাৰ হার্ডৱেৰ আৰু ছফ্টৱেৰ ক্ষেত্রতেই বিভিন্ন গুজৰাটী কোম্পানীত প্ৰত্যক্ষ বিনিয়োগ কৰিছে বিদেশী কোম্পানীবোৰে।
ৰাজ্য হিচাবত কেন্দ্রই দিয়া তথ্য অনুযায়ী, শীৰ্ষ দহ ৰাজ্যৰ দহ নম্বৰত আছে উত্তৰ প্ৰদেশ (৪ হাজাৰ ১০৩ কোটি টকা), নৱম স্থানত পশ্চিমবংগ (৪ হাজাৰ ১০৩ কোটি), অষ্টম স্থানত তেলেঙ্গানা (১১ হাজাৰ ৩৩২ কোটি), সপ্তম স্থানত হাৰিয়ানা (১৩ হাজাৰ (৬৬১ কোটি টকা), ষষ্ঠ স্থানত ঝাড়খণ্ড (১৯ হাজাৰ ২০০ কোটি টকা), পঞ্চম স্থানত তামিলনাডু (১৯ হাজাৰ ৭৩৪ কোটি টকা), তালিকাত চতুর্থ স্থানত ৰাজধানী দিল্লী (৫৯ হাজাৰ ৮৩০ কোটি), তৃতীয় স্থানত কর্নাটক (৭৮ হাজাৰ ১৬০ কোটি) আৰু ১ লাখ ৫৩ হাজাৰ ৩৫১ কোটি টকাৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগেৰে মহাৰাষ্ট্র আছে তালিকাত দ্বিতীয় স্থানত।