![]()
নিউজ ডেস্কঃ
অসমসহ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ মাজতেই দেশৰ মুখ্য নির্বাচন আয়ুক্তৰ দায়িত্ব ল’লে সুশীল চন্দ্রই। মুখ্য নির্বাচন আয়ুক্তৰ পদত সুনীল অৰোৰাৰ ম্যাদ শেষ হয় সোমবাৰে। তেওঁৰ স্থলাভিষিক্ত হৈছে সুশীল চন্দ্ৰ।
৬৩ বছৰীয়া সুশীল চন্দ্ৰ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নির্বাচন আয়ুক্ত নিযুক্ত হৈছিল। তাৰ আগতে ‘চেণ্ট্ৰেল বোর্ড অব ডাইৰেক্ট টেক্সেছ’ৰ চেয়াৰপাৰ্চন পদত আছিল তেওঁ। ২০২২ চনৰ ১৪ মে’ পর্যন্ত মুখ্য নির্বাচন আয়ুক্তৰ পদত থাকিব ১৯৮০ বেটছৰ আইআৰএছ (ইণ্ডিয়ান ৰেভিনিউ ছার্ভিচ) বিষয়া সুশীল। তেওঁৰ কার্যকালৰ ভিতৰতে উত্তৰ প্রদেশ, উত্তৰাখণ্ড, পঞ্জাব, গোৱা আৰু মণিপুৰৰ বিধানসভা নিৰ্বাচন হোৱাৰ কথা।
উল্লেখযোগ্য যে নিজৰ কাৰ্যকালৰ অন্তিম দিনটোত মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাই বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক নিৰ্বাচনী প্ৰচাৰত ২৪ ঘণ্টাৰ নিষেধাজ্ঞা আৰোপ কৰিছিল। যাক লৈ তীব্ৰ সমালোচনা কৰে তৃণমূল কংগ্ৰেছে। লগতে সুনীল অৰোৰাৰ উক্ত সিদ্ধান্তক পক্ষপাতিত্বমূলক বুলিও অভিযোগ কৰিছিল।










