নিউজ ডেস্কঃ
যোৱা সপ্তাহত উদ্ধৱ থাকৰে চৰকাৰে নৈশ কাৰ্ফিউৰ লগতে সপ্তাহৰ শেষৰ দুদিন লকডাউন ঘোষণা কৰিছিল। সপ্তাহৰ শেষ দুদিনৰ লকডাউনৰ আজি আছিল প্রথম দিন। লকডাউনৰ প্রথম দিনত মহাৰাষ্ট্রৰ বিভিন্ন চহৰৰ উপৰি মুম্বাইৰ ৰাস্তা আছিল জনশূন্য। মুম্বাই আৰক্ষীয়ে বিভিন্ন স্থানত বেৰিকেড বনাই ৰাখিছে। বৃহন্মুব্বাই মিউনিচিপাল কর্পোৰেচনে কেৱল কৰোনা ভেকচিন লৈ যোৱাৰ বাবে অনুমতি দিছে। লগতে জৰুৰী সেৱা চলি আছে।
আনহাতে, মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই শনিবাৰে সর্বদলীয় বৈঠক কৰে। মহাৰাষ্ট্রত ভয়াৱহ কৰোনা পৰিস্থিতি ৰোধ কৰিবলৈয়েই এই বৈঠকৰ আহ্বান কৰা বুলি জনোৱা হৈছে। সম্পূৰ্ণ লকডাউন সন্দৰ্ভতো আলোচনা কৰা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য, দেশত সকলোতকৈ বেছি কৰোনাত আক্রান্ত হৈছে মহাৰাষ্ট্রত।