নিউজ ডেস্কঃ
দক্ষিণী তথা বলিউড অভিনেত্রী তামান্না ভাটিয়াৰ সৈতে বিৰাট কোহলি? তাকো আকৌ ব্যক্তিগত বিমানত? কি কথা! নতুন ছবি দেখি প্রশ্ন জাগিছে নেটিজেনসকলৰ মনত। পুৰণি প্রেমিক-প্রেমিকা একেলগে বিমানত ক’লৈ গৈছে? অনুষ্কা ক’ত !
সম্প্রতি ছচিয়েল মিডিয়াত এখন ছবি পোষ্ট কৰিছে তামান্নাই। তাত দেখা গৈছে, চিপছ আৰু কেক ভর্তি থাল ধৰি আছে তামান্নাই। কেমেৰাৰ দিশে চাই আছে অভিনেত্রীগৰাকীয়ে। পিছফালে দেখা গৈছে আৰু দুজনক। বাঁওফালে এগৰাকী মহিলাই হাঁহিমুখে সেই থালৰ দিশে চাই আছে। মহিলাগৰাকীৰ কাষত আৰু এজন পুৰুষ। তামান্নাৰ পিছফালে বহি তেৱোঁ সেই থালৰ দিশে চাই আছে।
২০১২ চনত এটি বিজ্ঞাপনৰ শ্বুটিঙত সাক্ষাৎ হয় তামান্না আৰু বিৰাটৰ। প্রেম কৰে তেওঁলোকে। কিন্তু এবছৰৰ বেছি সময় নিটিকে সেই সম্পর্ক। আৰু সেয়ে আৰু বেছি উৎসুক হৈছে নেটিজেনসকল।
অৱশ্যে সত্যটো অলপ বেলেগ ধৰণৰ। যিগৰাকী ব্যক্তিক ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বুলি সকলোৱে ভুল কৰিছে, তেওঁ আচলতে তামান্নাৰ ব্যক্তিগত মেকআপ শিল্পী ফ্লোৰিয়ান হুৰেল। নেটিজেনসকলৰ মতে, দুয়োৰে চেহাৰাত বহুখিনি মিল আছে।
কিন্তু কেইবাজনো নেটিজনে কেৱল ৰগৰ কৰিবৰ বাবেই তামান্না আৰু বিৰাটৰ প্রেমৰ প্রসঙ্গ উত্থাপন কৰিছে। কোনোবাই লিখিছে, ‘আপোনাৰ পিছফালে বিৰাট কোহৱিয়ে কি কৰিছে’? কোনোবাই লিখিছে, ‘তেওঁক বহুখিনি কিং কোহলিৰ দৰে দেখিবলৈ’। কাৰোবাৰ আকৌ ধাৰণা হৈছে, আইপিএলৰ উদ্বোধনী মেচ উপভোগ কৰিবলৈ গৈছে তামান্না।