ASSAM TIMES POST
নতুন দিল্লীঃ ২০১৯-২০ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিক (কোৱাৰ্টাৰ)ত দেশৰ বাৰ্ষিক জিডিপি ৫ শতাংশলৈ হ্ৰাস পালে। শুকুৰবাৰে চৰকাৰী তথ্যত এই কথা প্ৰকাশ পাইছে।
মন কৰিবলগীয়া কথাটো হ’ল এই হ্ৰাস পূৰ্ববৰ্তী ৭ বছৰৰ ভিতৰতে সৰ্বনিম্ন। পূৰ্বৰ বিত্তীয় বৰ্ষটোৰ একেটা সময়তে এই হাৰ ৮ শতাংশ আছিল।
ইফালে ২০১৮-১৯ বিত্তীয় বৰ্ষৰ অন্তিমটো (৪ৰ্থ) ত্ৰিমাসিকত এই হাৰ ৫.৮ শতাংশ আছিল।
কৃষিজাত দ্ৰৱ্যৰ ওপৰত ভিত্তি কৰি এনে জিডিপি লাভ কৰা গৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে।