ASSAM TIMES POST
নগাঁওঃ নগাঁও জিলা মুক্তি যুঁজাৰু ভৱনত কালি অনুষ্ঠিত এআইইউডিএফৰ সভাত দুটা ফৈদৰ মাজত হোৱা সংঘৰ্ষৰ পিছত কালি নিশায়েই দুয়োটা ফৈদে সুকীয়া সুকীয়াকৈ নগাঁও সদৰ থানাৰ এজাহাৰ দাখিল কৰে৷ এটা ফৈদৰ নেতা তথা দলটোৰ জিলা সম্পাদক মোবাৰক আলীয়ে এজাহাৰত উল্লেখ কৰা মতে এআইইউডিএফৰ নগাঁও জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি চম্পক কলিতা আৰু বিধায়ক আমিনুল ইছলামৰ বাধাৰ বাবেই এইবাৰ দলটোৰ জিলা কাৰ্যালয়ত স্বাধীনতা দিৱস উদযাপন কৰা হোৱা নাছিল আৰু সেয়ে কালি দলটোৰ কাৰ্যনিৰ্বাহক সভা উত্তপ্ত হৈ পৰিছিল।
সংবাদ মাধ্যমৰ সন্মুখত এই গুৰুতৰ অভিযোগ উত্থাপন কৰি দলটোৰ নেতা মোবাৰক আলীয়ে কয় যে, কালি নগাঁও জিলা মুক্তিযুঁজাৰু ভৱনত অনুষ্ঠিত এআইইউডিএফৰ কাৰ্যনিৰ্বাহক সভাত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ কাৰণ ১৫ আগষ্ট আছিল ৷ মোবাৰক আলীয়ে নগাঁও সদৰ আৰক্ষী থানাত এই বিষয়ে এজাহাৰ দাখিল কৰিছে। মোবাৰক আলীৰ অভিযোগ মতে এইবাৰ ১৫আগষ্টত দলৰ ভাৰপ্ৰাপ্ত সভাপতি চম্পক কলিতাই দলটোৰ কৰ্মী সকলক দলীয় কাৰ্যালয়ত জাতীয় পতাকা উত্তোলন কৰাৰ পৰা বিৰত থাকিবলৈ কৈছিল।
একেই অভিযোগ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধেও। কালি অনুষ্ঠিত সভাত বিষয়ে প্ৰশ্ন কৰোতেই মোবাৰক আলীক বিধায়ক আমিনুল ইছলাম আৰু তেওঁৰ সংগীসকলে আক্ৰমণ কৰে৷ ইতিমধ্যে মোবাৰক আলীৰ এজাহাৰৰ ভিত্তিত নগাঁও সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৭/৩৪২আৰু ৩২৫ ধাৰাত ২৪৮০/২০১৯ নম্বৰত এটা গোচৰ ৰুজু হৈছে৷
ইপিনে এআইইউডিএফৰ নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি চম্পক কলিতাৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ১০৯/৪৪৮/৩২৫ আৰু ৩২৪ধাৰাত ২৪৮২/১৯ নম্বৰৰ আন এটা গোচৰ ৰুজু হৈছে নুৰুল আমিন চৌধুৰী, হবিবুৰ ৰহমান আৰু মোবাৰক আলীৰ বিৰুদ্ধে। কিন্তু চম্পক কলিতা আৰু আমিনুল ইছলামৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা দিৱসক বিৰোধিতা কৰাৰ যি অভিযোগ উত্থাপিত হৈছে সেয়া যদি সঁচা হয় তেনেহ’লে এয়া হ’ব চৰম লজ্জ্বাজনক ঘটনা।অৱশ্যে চম্পক কলিতা আৰু বিধায়ক আমিনুল ইছলামে এই অভিযোগ পোনচাটেই নাকচ কৰিছে৷