![]()
নিউজ ডেস্কঃ
হঠাৎ হাজাৰ হাজাৰ মানুহ কোৰ-বেলচা লৈ দোৰিবলৈ ধৰে সন্মুখৰ পাহাৰৰ দিশে। যিয়ে যিমান পাৰিছে শিল-মাটি খান্দিছে। সেয়াই ঘৰলৈ লৈ গৈছে। সম্প্রতি ছচিয়েল মিডিয়াত ভাইৰেল হৈছে ডেমোক্রেটিক ৰিপাব্লিক অব কঙ্গোৰ এনে এটি ভিডিও। যাক দেখি সকলোৱেই হতবাক।
কিন্তু কাৰণ কি? আচলতে সম্প্রতি আফ্রিকা মহাদেশৰ কঙ্গোৰ দক্ষিণ কিভু প্রদেশৰ লুহিহি গাঁৱত এনে এখন পাহাৰৰ সন্ধান লাভ কৰা হৈছে, যাৰ ৬০-৯০ শতাংশ সম্পূৰ্ণ সোণেৰে ভৰ্তি। আৰু সেই কথা জানিব পাৰিয়েই মানুহ যাবলৈ আৰম্ভ কৰিছে তালৈ। ওচৰৰ গাঁৱৰ পৰাও বহু মানুহ এই খবৰ পোৱাৰ পিছত কোৰ-বেলচা হাতত লৈ তাত গৈ উপস্থিত হয়। প্রত্যেকেই পাহাৰ খন্দা আৰম্ভ কৰে। যিয়ে যিমান পাৰিছে মাটি-শিল তুলি ঘৰলৈ লৈ গৈছে। কাৰণ সেয়া পৰিষ্কাৰ কৰিলেই পোৱা যায় সোণ। আৰু সেয়া জনাৰ পিছত ভিৰ অধিক বাঢ়ি গৈছে।










