ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ বিগত কেইটামান দিনৰ প্ৰচণ্ড গৰমৰ পিছত যোৱা ২৮ আগষ্টৰ পুৱাৰে পৰা গাজনি ঢেৰেকনিৰে এজাক বৰষুণে শীতল কৰিলে বোকাখাতবাসীক।
কিন্তু এই শান্ত শীতল বৰষুণজাকে বোকাখাতলৈ অশান্তিৰ বতৰ নমোৱাৰ লগতে কঢ়িয়ালে দুখৰ খবৰ। এই বিজুলী ঢেৰেকনিয়ে নমাই অনা বজ্ৰ পৰি আঘাতপ্ৰাপ্ত হয় ৯ জনকৈ মানুহ।
জানিব পৰা মতে, মৎস্য ব্যৱসায়ৰ সৈতে জড়িত এইকেইজন লোকে পুৱাতেই ধনশিৰিমুখৰ পৰা মাছ আনিবলৈ গৈছিল আৰু হঠাতে বৰষুণ অহাত এখন অস্থায়ী চালিৰ তলত আশ্ৰয় লয় আৰু তাতেই হ’ল বজ্ৰপাত।
বজ্ৰপাতত চালিখন চিন্ন ভিন্ন হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় ক্ৰমে চৰমন চাহানী, সুনীল চাহানী, লালু চাহানী, ৰামু চাহানী, লেবা দলে, ৰবীন দলে, জীৱন পেগু, তুলসী কুটুম আৰু কুমুদ চাহানী।
প্ৰায় আধা ঘণ্টা ধৰি অচেতনপ্ৰায় হৈ থকা লোককেইজনক স্থানীয় লোকে উদ্ধাৰ কৰি বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। চিকিৎসালয় কৰ্তৃপক্ষই বজ্ৰাহত কেইগৰাকী বিপদমুক্ত যদিও চিকিৎসাধীন বুলি জানিব দিছে।