বিশেষ প্ৰতিবেদন:
চকু চাই চিনি লওক শৰীৰৰ সমস্যা! আমাৰ পঞ্চ ইন্দ্রিয়ৰ অন্যতম ইন্দ্রিয় হ’ল চকু। চকু চাই ব্যক্তিৰ স্বাস্থ্যৰ বিষয়েও কৈ দিব পৰা যায় ৷ সেই কাৰণে চিকিৎসকসকলে ৰোগ নির্ণয়ৰ ক্ষেত্রত ৰোগীৰ চকু পৰীক্ষা কৰে। প্ৰত্যেক ব্যক্তিয়েই চকু চাই চিনিব পাৰিব শৰীৰত থকা ৪টা ৰোগৰ লক্ষণ। পঢ়ি জানি লওক সবিশেষ –
যদি কোনো ব্যক্তিৰ চকু অতি ঘন ঘন ভাৱে শুকাই গৈছে আৰু পোহৰৰ ফালে চাবলৈ কষ্ট হৈছে, চকুৰ পতা মেলাৰ সময়তো কেতিয়াবা চকুৰ শুষ্কতা অনুভৱ কৰিছে, তেতিয়া সতর্ক হ’ব লাগিব। কাৰণ এনে হ’ব পাৰে অট’ইমিউন ৰোগ ‘Sjogren’ৰ ফলত ।
এই ৰোগে ব্যক্তি এজনৰ দেহৰ শ্বেত ৰক্ত কণিকা ময়েচাৰ উৎপাদনৰ গ্লেণ্ডক ক্ষতিগ্রস্থ কৰে। ফলত চকু বাৰে বাৰে শুকাই যায় বা শুষ্ক হৈ উঠে। এই সমস্যা অৱহেলা নকৰি সোনকালে চিকিৎসকৰ শৰণাপন্ন হোৱা উচিত।
যদি কেতিয়াবা কোনো ব্যক্তিৰ চকু ৰঙা হৈ পৰে বা চকুৰ বগা অংশৰ শিৰাসমূহ তেজৰ দৰে ৰঙা হৈ পৰা যেন লাগে, তেন্তে বুজিব লাগিব তেওঁৰ ৰক্তচাপৰ সমস্যা হৈছে বা ৰক্তচাপ বাঢ়িছে। বহু সময়ত বিনা কাৰণত এই ধৰণৰ লক্ষণে দেখা দিলে বুজা যায় ব্যক্তিজন মাৰাত্মক উচ্চ ৰক্তচাপৰ সমস্যাত ভুগিছে যাৰ কাৰণে ষ্ট্ৰোক বা হার্ট এটেক্ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। উচ্চ ৰক্তচাপৰ সমস্যা কমাবলৈ ছডিয়াম সমৃদ্ধ খাদ্য কমাই পটাছিয়াম সমৃদ্ধ খাদ্যৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব ৷ প্রয়োজনত চিকিৎসকৰ পৰামর্শ ল’ব লাগিব।
চকুৰ বগা অংশ হালধীয়া হৈ পৰিলে সেয়া ‘জণ্ডীছ’ ৰোগৰ লক্ষণ। এই বিষয়ে কম বেছি পৰিমাণে সকলোৱেই অৱগত ৷ জণ্ডীছ হ’লে ব্যক্তিজনৰ লিভাৰে সঠিক ভাৱে তেজৰ ৰঙা কণিকা উৎপন্ন কৰিব নোৱাৰে।
ইয়াৰ ফলত দেহৰ তেজত বিলিৰুবিনৰ মাত্রা বাঢ়ি যায় আৰু ইয়াৰ লগে লগে চকুৱে হালধীয়া বর্ণ ধাৰণ কৰে। এই ক্ষেত্রত অৱহেলা কৰিলে জণ্ডীছ ৰোগে মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে। গতিকে এই সমস্যা অৱহেলা নকৰি দ্রুত ভাৱে চিকিৎসকৰ সৈতে যোগাযোগ কৰা উচিত।
চকুত মাজে মাজে হোৱা খজুৱতি বিশেষ মাৰাত্মক নহয়। কিন্তু যদি ঘনে ঘনে চকু খজুৱাই, তেন্তে ই অৱশ্যেই চিন্তাৰ বিষয়। চকু খজুৱা, শৰীৰত মাৰাত্মক এলাৰ্জীৰ প্রকোপৰ লক্ষণ। শৰীৰে অতিৰিক্ত হিষ্টামাইন উৎপন্ন কৰে, যাৰ কাৰণে অতিৰিক্ত চকু খজুৱাৰ সমস্যাই দেখা দিয়ে। কেৱল চকু নহয় দ্রুত নিৰাময় কৰিব নোৱাৰিলে ক্রমশঃ নাক, ডিঙি আৰু ছাললেও বিয়পিব পাৰে অতিৰিক্ত খজুৱতিৰ সমস্যা।










