ASSAM TIMES POST
জীতেন বৰকটকী, নগাঁওঃ নগাঁও আৰক্ষীয়ে কালি নিশা অভিযান চলাই নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কাতিমাৰিৰ পৰা এটা নকল সোণ প্ৰস্তুত কৰা ঘাটি উচ্ছেদ কৰাৰ লগতে চাৰিজন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ধৃত লোককেইজন হৈছে নগাঁও চহৰৰ সমীপৱৰ্তী কাতিমাৰিৰ ছহিদুল ইছলাম, খাইৰুল ইছলাম, জাহিৰুল ইছলাম আৰু হেৰাপট্টিৰ আছাদুল হক। আৰক্ষীয়ে ছহিদুল ইছলামৰ বাসগৃহৰ পৰা ১৬০ গ্ৰাম নকল সোণৰ লগতে নকল সোণ প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী যেনে এছিদ, সোণ গলোৱা মেচিন আদিও জব্দ কৰে।
তদুপৰি খাইৰুল ইছলাম নামৰ আনজন লোকৰ বাসগৃহৰ পৰা ৮৫০ গ্ৰাম নকল সোণ আৰক্ষীয়ে জব্দ কৰিছে। এই সম্পৰ্কত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত সদৰি কৰা মতে চেন্নাই নিবাসী এজন লোকে ছহিদুল ইছলামৰ পৰা ২ কিলোগ্ৰাম সোণ ক্ৰয় কৰিছিল।
লোকজনে ইয়াৰ বিনিময়ত ছহিদুলক নগদ ৮ লাখ টকা আৰু ২ লাখ টকা চেকৰ জৰিয়তে আদায় দিছিল পিচত লোকজনে সোণখিনি চেন্নাইলৈ নি পৰীক্ষা কৰাৰ পিচত সোণখিনি নকল বুলি প্ৰমাণিত হয়। পাচত লোকজনে যোৱা ২৬ আগষ্টত নগাঁও সদৰ আৰক্ষী থানাত ঘটনা সম্পৰ্কত এজাহাৰ দাখিল কৰে।
আৰক্ষীয়ে ২৪৬০/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি অভিযান আৰম্ভ কৰে। কালি নিশা নগাঁও আৰক্ষীৰ এটা দলে বিভিন্ন উৎসৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত কাতিমাৰিত অভিযান চলায় আৰু লোককেইজন কৰায়ত্ত কৰাৰ লগতে নকল সোণ আৰু মেচিনকেইটা জব্দ কৰে।