ASSAM TIMES POST
নগাঁওঃ নগাঁৱৰ মুক্তিযুঁজাৰু ভৱনত আজি দুপৰীয়া অনুষ্ঠিত এআইইউডিএফৰ এখন কৰ্মীসভা ৰণক্ষেত্ৰলৈ পৰ্যবসিত হয়। দলটোৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম আৰু নেতা নুৰুল আমিন চৌধুৰীৰ ফৈদৰ মাজত হোৱা সংঘাতৰ ফলস্বৰূপে নগাঁৱৰ মুক্তিযুঁজাৰু ভৱন উশৃংখল আৰু অভব্য আচৰণৰে এআইইউডিএফৰ সদস্য সকলে উত্তপ্ত কৰি তোলে।
পিছত আৰক্ষী আহি লাঠিচালনা কৰিহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷ প্ৰাপ্ত খবৰ মতে বিধায়ক আমিনুল ইছলাম আৰু নগাঁৱৰ এআইইউডিএফৰ নেতা নুৰুল আমিন চৌধুৰীৰ সমৰ্থকৰ মাজত কৰ্মী সভাৰ মাজতে প্ৰথমে কোনো বিষয়ক লৈ তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়। পিছত দুয়োপক্ষৰ মাজত ঠেলা-গতা, মাৰপিট হয়। পৰিস্থিতি ইমানেই ভযংকৰ হৈ উঠে যে আৰক্ষীয়ে আহি দলটোৰ উদণ্ড সমৰ্থক সকলক খেদি পঠিয়াবলৈ লাঠীচালনা কৰিবলৈ বাধ্য হয়।
আনহাতে এই ঘটনাৰ পিছতে সেই স্থানৰ পৰা আতৰি যায় বিধায়ক আমিনুল ইছলাম। দলটোৰ একাংশ সমৰ্থকৰ অভিযোগ অনুসৰি বিধায়ক আমিনুল ইছলামে চকী দাঙি লৈ প্ৰহাৰ কৰিছিল মোবাৰক আলী, বাহাৰুল ইছলাম, গফুৰ আলীৰ লগতে কেইবাগৰাকীও কৰ্মীক। ফলত গুৰুতৰ ভাৱে আহত হয় এই কৰ্মীকেইজন৷
আমিনুল বাহিনীৰ প্ৰহাৰত আহত হোৱা এই কৰ্মীকেইজনৰ লগতে আন কেইবাজনো কৰ্মীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।
ইপিনে বিধায়ক আমিনুল ইছলামে এই সমগ্ৰ ঘটনাৰ বাবে নুৰুল আমিন চৌধুৰীক জগৰীয়া কৰে।
তেঁওৰ মতে বিজেপিৰ নিৰ্দেশত নুৰুল আমিন চৌধুৰীয়ে এই সমগ্ৰ কাণ্ড সংঘটিত কৰিছিল। অৱশ্যে নগাঁৱত আজি সংঘটিত এই ঘটনাই পুনৰ দলটোৰ মজিয়াত থকা শৃংখলাহীনতা আৰু দলটোৰ ৰুগীয়া অৱস্থাক উদঙাই দেখুৱালে।