ASSAM TIMES POST
নগাঁওঃ নগাঁও আৰক্ষীৰ জালত কৰায়ত্ত হয় দুই অস্ত্ৰ সৰবৰাহকাৰী৷ মঙলবাৰে সন্ধিয়া ৰূপহীহাট কাঞ্চনপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন অস্ত্ৰ সৰবৰাহকাৰীক৷
নগাঁও সদৰ আৰক্ষী আৰু বিশেষ শাখাৰ উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত অভিযান চলাইছিল আৰক্ষীৰ দলে৷ অভিযানৰ সময়তে ছয় জাঁই গুলীসহ এটা পিষ্টলৰ সৈতে আটক কৰে অস্ত্ৰ সৰবৰাহকাৰী দুজনক৷ ধৃত অস্ত্ৰ সৰবৰাহকাৰী দুজন মুক্তাৰ হুছেইন আৰু ছাইফুল ইছলাম বুলি আৰক্ষী সূত্ৰত প্ৰকাশ৷
ইতিমধ্যে দুয়োজনকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ লগত আৰু এজন লোক আছিল যদিও তেওঁক কৰায়ত্ত কৰাত ব্যৰ্থ হয় অভিযানকাৰী দলটোৱে৷
আনহাতে ধৃত লোকদুজনৰ পৰা এখন দুচকীয়া বাহনো জব্দ কৰে আৰক্ষীয়ে৷ আৰক্ষীৰ সূত্রৰ পৰা জানিব পৰা মতে বাছ আৰু ৰে’লেৰে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা এইদৰে নগাঁৱলৈ অবৈধ অস্ত্ৰৰ সৰবৰাহ হৈ আহিছে৷ ইয়াক প্ৰতিৰোধ কৰিবলৈ নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷