ASSAM TIMES POST
গোসাঁইগাঁওঃ কোকৰাঝাৰৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰত বুধবাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰকাশ সম্পৰ্কত মহকুমা প্ৰশাসনৰ তত্বৱধানত এখন সজাগতা সভা অনুষ্ঠিত হয়।

উক্ত সভাখনত উপস্থিত থাকে গোসাঁইগাঁও মহকুমাৰ আৰক্ষী বিষয়া বিদ্যুত বিকাশ বৰভূঞা, গোসাঁইগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভবানীধৰ শৰ্মা, সশস্ত্র সীমা বলৰ(এছএছবি)ৰ এৰিয়া কামাণ্ডাৰ, শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জীৱন দৈমাৰী।
দুইশতাধিক ৰাইজৰ উপস্থিতিত সভাখনত গোসাঁইগাঁও মহকুমাৰ আৰক্ষী বিষয়াগৰাকীয়ে আগন্তুক ৩১ আগষ্টত প্ৰকাশ পাবলগীয়া এনআৰচিখনৰ সম্পৰ্কত বিশদভাৱে অৱগত কৰে।












