ASSAM TIMES POST
জীতেন বৰকটকী, নগাঁওঃ নগাঁও চহৰৰ ভূঞাপট্টিত মঙলবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। আৰক্ষীৰ সন্মুখতে আৰক্ষীৰ গাড়ী চালকক আক্ৰমণ কৰে ড্ৰাগছ মাফিয়াই। ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানৰ অংশ হিচাপে মংগলবাৰে নিশা নগাঁও আৰক্ষীৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ মহন্তৰ নেতৃত্বত এটা আৰক্ষীৰ দল উপস্থিত হয় ভূঞাপট্টিত৷ অভিযান আৰম্ভ কৰাৰ সময়তে উক্ত স্থানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷
আৰক্ষীৰ সন্মুখতে আৰক্ষীৰ গাড়ী চালকক আক্ৰমণ কৰে ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত কেইবাজনো লোকে৷ ইয়াৰ পাচতে আক্ৰমণকাৰীৰ সৈতে আৰক্ষীয়ে খণ্ড যুদ্ধত লিপ্ত হয় যদিও আৰক্ষীৰ সন্মুখৰ পৰাই আৰক্ষীৰ গাড়ী চালক জনক আক্ৰমণ কৰা দুৰ্বৃত্তই পলায়ন কৰিবলৈ সক্ষম হয়৷ এই ঘটনাৰ বিষয়ে অৱগত হৈ নগাঁও সদৰ আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলে অৰ্ধসামৰিক বাহিনীৰ দল লগত লৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে৷
পৰৱৰ্তী সময়ত আৰক্ষীৰ বৃহৎ দলটোৱে উক্ত স্থানত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু ছিৰাপ জব্দ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত মফিদুল ইছলাম আৰু ইমৰান খান নামৰ দুই ড্ৰাগছ ব্যৱসায়ীক আটক কৰে। ইপিনে স্থানীয় একাংশ লোকে আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, ড্ৰাগছৰ ঘাটিটোত জনৈক আলী নামৰ এগৰাকী আৰক্ষীৰ সঘনে আহ-জাহ চলে৷ ড্ৰাগছৰ ঘাটিটোৰ পৰা ধন লোৱাৰ অভিযোগ উঠিছে আৰক্ষীৰ বিৰুদ্ধে৷ আনহাতে মনোৱাৰা নামৰ এগৰাকী মহিলাৰ নেতৃত্বত অঞ্চলটোত ড্ৰাগছৰ বৃহৎ ঘাটি চলি থকাৰ অভিযোগ কৰিছে একাংশ লোকে।
কিন্তু আৰক্ষীয়ে মনোৱাৰাক আটক কৰিলেও পুনৰ মোকলাই দিয়াৰ অভিযোগ কৰিছে স্থানীয় লোকসকলে৷ এতিয়া প্ৰশ্ন হয় ড্ৰাগছৰ ঘাটিৰ পৰাও ধনৰ ভাগ পায় নেকি নগাঁৱৰ কোনো আৰক্ষীয়ে ? যদি এয়াই সত্য হয় তেন্তে উৰ্ধতন কর্তৃপক্ষই এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়তহে লক্ষণীয় হ’ব।













